অসম

assam

Historical Kaliabor HS School : কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাৰ্তালাপ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী

By

Published : Feb 9, 2023, 1:19 PM IST

ব্ৰিটিছে স্থাপন কৰা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Minister Keshab Mahanta at Kaliabor HS School) । উৎসৱমুখী ন'হৈ কৰ্মমুখী হৈ শতবৰ্ষৰ পিনে ধাৱমান হ'বলৈ আহ্বান । বিদ‍্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰে বাৰ্তালাপ অনুষ্ঠানত স্থানীয় বিধায়ক ।

Kaliabor
Kaliabor

কলিয়াবৰ, ৯ ফেব্ৰুৱাৰী : উৎসৱমুখী ন'হৈ কৰ্মমুখী হৈ আমি শতবৰ্ষ উদযাপনৰ পিনে ধাৱমান হোৱা উচিত (Kaliabor Higher Secondary School Centenary) ৷ ব্ৰিটিছে স্থাপন কৰা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি ৰূপায়ণ তথা জাকজমকতাৰে সকলোৰে দৃষ্টি আবদ্ধ হোৱাকৈ সজাই-পৰাই দিয়া দায়িত্ব আমি গ্ৰহণ কৰিম ৷ ইয়াৰ বিপৰীতে বিদ্যায়তনিক সুস্থ আৰু সবল পৰিবেশ গঢ় দি আনৰ বাবে শিক্ষানুষ্ঠানখন অনুকৰণীয় আদৰ্শ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সকলো গুৰুদায়িত্ব শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলে গ্ৰহণ কৰিব লাগিব ।

জে এছ লৰ্ণি চাহাবৰ সবল পৃষ্ঠপোষকতাত ১৯৩৩ চনত শিলঘাটতত স্থাপিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (historic Kaliabor Higher Secondary School) বৃহস্পতিবাৰে আয়োজিত এক সৌজন্যতামূলক বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ এই মন্তব্য প্ৰদান কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই (Minister Keshab Mahanta at Kaliabor HS School) । বিভিন্ন ক্ষেত্ৰত অৱহেলিত আৰু উপেক্ষিত হৈ ৰোৱা ব্ৰিটিছ যুগৰ স্বাক্ষৰ বহনকাৰী শিক্ষানুষ্ঠানখনে বিভিন্ন সময়ত উন্নয়নমূলক কামসমূহ আদায় কৰিব নোৱাৰাৰ চূড়ান্ত ব্যৰ্থতা উদঙাই মন্ত্ৰী কেশৱ মহন্তই (health minister Keshab Mahanta) কয়— বিদ্যালয়খনৰ পূৰ্বৰ কৰ্তৃপক্ষসকলে এক ব্যৱধানত অৱস্থান গ্ৰহণ কৰাৰ বাৱেই ইচ্ছানুসাৰে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নত হাত উজান দিয়াত জটিলতা আহি পৰিছিল ৷

কিন্তু বৰ্তমানৰ বিদ্যালয়ৰ অধ্যক্ষা নৱনীতা দ'লবৰুৱা আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী ভাৰতী গগৈসহ কৰ্মকৰ্তাসকলে দেখুওৱা তৎপৰতাই শিক্ষানুষ্ঠানখনক যে এক নতুন গতি প্ৰদান কৰিব সেয়া নিশ্চিত আৰু এই ক্ষেত্ৰত বিধায়ক হিচাপে মই এশ শতাংশই সহযোগিতা আগবঢ়াম ৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ভাৰতী গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা আগবঢ়োৱা বিভিন্ন সমস‍্যা সম্বলিত স্মাৰক-পত্ৰখন গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ ইতিহাস আলোকপাত কৰি কয়— বৃটিছ যুগৰ স্বাক্ষৰ বহনকাৰী কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক সোণালী ইতিহাস আছে ।

এইখন বিদ্যালয়ৰ ছাত্ৰ আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহিম বৰা, সংবাদ জগতৰ পিতামহ তিলক হাজৰিকা, ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ লগতে বৰ্তমানৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ দৰে অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা বিভিন্নজন ব্যক্তিয়ে ৷ সেয়েহে এনে এখন গৰিমাময় শিক্ষানুষ্ঠান জাকতজিলিকা কৰি তোলাৰ ক্ষেত্ৰত বিধায়ক হিচাপে চেষ্টাৰ কিঞ্চিতো ত্ৰুটি কৰা নহ'ব বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰে । লগতে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুৰণি গৃহ মেৰামতি তথা সংৰক্ষণৰ লগতে নতুন গৃহ নিৰ্মাণৰে আন্তঃগাঁথনি উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক :Lok Sabha Election 2024: দিল্লীলৈ ভূপেন বৰাক জৰুৰী তলব; আকৌ হ’ব নেকি AIUDFৰে মিত্ৰতা ?

ABOUT THE AUTHOR

...view details