ETV Bharat / state

Lok Sabha Election 2024: দিল্লীলৈ ভূপেন বৰাক জৰুৰী তলব; আকৌ হ’ব নেকি AIUDFৰে মিত্ৰতা ?

author img

By

Published : Feb 9, 2023, 12:02 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দিল্লীলৈ বৃহস্পতিবাৰে হাই কামাণ্ডে জৰুৰীভাৱে তলব কৰাৰ পাচতেই পুনৰ চৰ্চালৈ আহিছে অসম প্ৰদেশ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ প্ৰসংগ ৷ ৰাজ্যত ৰাজনীতিত চৰ্চা চলিছে যে 2024ৰ লোকসভা নিৰ্বাচনত পুনৰ মিত্ৰতা হ’ব কংগ্ৰেছ আৰু AIUDFৰ ৷

Lok Sabha Election 2024
দিল্লীলৈ ভূপেন বৰাক জৰুৰী তলব; আকৌ হ’ব নেকি AIUDFৰে মিত্ৰতা ?

গুৱাহাটী, 9 ফেব্ৰুৱাৰী: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ (AIUDF) সৈতে পুনৰ মিত্ৰতাৰ পাশত আবদ্ধ হ’ব নেকি কংগ্ৰেছ ? বৃহস্পতিবাৰৰ দিনটোত পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰসংগ (Congress AIUDF alliance) ৷ কাৰণ অসম অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাক (APCC president Bhupen Bora) জৰুৰীভাৱে দিল্লীলৈ তলব কৰিছে কংগ্ৰেছ হাই কামাণ্ডে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক দিল্লীলৈ তলব (Bupen Borah summoned to Delhi) কৰাৰ কাৰণ হ’ল, লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ হ’ব আলোচনা (Lok Sabha election 2024) ৷ যি আলোচনাত স্থান পাব বদৰুদ্দিন আজমল (Badruddin Ajmal) নেতৃত্বাধীন AIUDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগ ৷ কাৰণ মুখ ফুটাই নক’লেও নিৰ্বচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতে একাংশ কংগ্ৰেছীয়ে বিচাৰি আছে আজমলৰ AIUDFৰে মিত্ৰতা ৷ AIUDFৰে মিত্ৰতা বিচৰা একাংশ কংগ্ৰেছনী নেতাই কৰিছে এই মন্তব্য ৷

মাত্ৰ দুদিনৰ আগলৈকে এ আই ইউ ডি এফৰ আজমলৰ খং আছিল ভূপেন বৰাৰ ওপৰত (Badruddin Ajmal on Congress AIUDF alliance) । খঙৰ জ্বালাত ‘হু ইজ ভূপেন বৰা’ বুলি মন্তব্য কৰি লগতে কৈছিল, ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ বেতনভোগী ভৃত্য ৷ কিন্তু কিয় এনেদৰে কৈছিল আজমলে? কাৰণ, আজমলে বাৰম্বাৰ বিচাৰিলেও এ আই ইউ ডি এফেৰে মিত্ৰতা নকৰাৰ স্থিতিত অটল আছিল ভূপেন বৰা ৷ এ আই ইউ ডি এফেৰে মিত্ৰতা পোনপটীয়াকৈ নাকচ কৰি আহিছে ভূপেন বৰাই (Bhupen Bora denies alliance with AIUDF) ৷

কেৱল সিমানেই নহয়, কংগ্ৰেছ হাই কামাণ্ডে ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যসূচীত যোগদান কৰিব বিচৰা স্বত্বেও আজমলক আমন্ত্ৰণ জনোৱা নাছিল ৷ তাৰ পাচতো বদৰুদ্দিন আজমলে শূন্যত গদা ঘূৰাই হলেও কংগ্ৰেছ হাই কামাণ্ডক মিত্ৰতাৰ প্ৰস্তাৱ দি আহিছে ৷ ভূপেন বৰাই মিত্ৰতা মানি নল’লেও কংগ্ৰেছ হাই কামাণ্ডৰ সৈতে যে সম্পৰ্ক ঠিকেই আছে তাৰো ইংগিত দি আহিছে আজমলে ৷

কিন্তু এতিয়া বৃহস্পতিবাৰে ভূপেন বৰাক কংগ্ৰেছ হাই কামাণ্ডে মাতি নিয়াৰ পাচত পুনৰ চৰ্চিত হৈছে যে, লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ লগতে এ আই ইউ ডি এফেৰে মিত্ৰতাৰ প্ৰসংগও আলোচনা হ’ব ৷ ভূপেন বৰাক হাই কামাণ্ডে যদি সঁচাকৈয়ে এইবাৰ এ আই ইউ ডি এফৰে মিত্ৰতাৰ বাবে মাতি নিছে তেন্তে আজমলৰ বাবে সেয়াও এক ‘হু ইজ ভূপেন বৰা’ বুলি কৰা প্ৰশ্নৰ উত্তৰ (Assam Congress AIUDF conflict) ।

কাৰণ ভূপেন বৰাৰ সন্মতি সাপেক্ষেহে সম্ভৱ হ’ব পাৰে কংগ্ৰেছেৰে এ আই ইউ ডি এফৰ মিত্ৰতা ৷ আজমলক যি দৰে এই মিত্ৰতা প্ৰয়োজন ৷ ঠিক তেনেদৰে কংগ্ৰেছৰ একাংশ নেতাক নিৰ্বাচন জয়ৰ স্বাৰ্থতে আজমলৰ দলক প্ৰয়োজন ৷ সেয়ে একাংশ কংগ্ৰেছী নেতাই হাই কামাণ্ডক হেঁচা দিছে আজমলৰে মিত্ৰতাৰ বাবে ৷

মন কৰিব লগীয়া যে, সাংসদ আজমলে AIUDF প্ৰদেশ কংগ্ৰেছৰ লগত নাথাকিলেও ইউপিএৰ লগত আছে আৰু ভৱিষ্যতেও থাকিব বুলি মন্তব্য কৰি আহিছে বাৰম্বাৰ ৷ লগতে ফুঁ মাৰি অৰ্থাৎ অতি সহজেই নিৰ্বাচনৰ সময়ত অসম্ভৱক সম্ভৱ কৰি কংগ্ৰেছেৰে মিত্ৰতা সম্পন্ন কৰিব বুলি ৰাজহুৱাকৈ মন্তব্য কৰি আহিছে ৷

লগতে পঢ়ক: Congress AIUDF Alliance: তাহানিৰ ‘হু ইজ’ ফৰ্মূলা ব্যৱহাৰ কৰিছে বদৰুদ্দিন আজমলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.