অসম

assam

কলিয়াবৰৰ বানাক্ৰান্তৰ মনৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

By

Published : Aug 30, 2021, 2:25 PM IST

সমগ্ৰ ৰাজ্যতে সম্প্ৰতি বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উজনি-নামনি অসমৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ৷

Health Minister Visited Flood Affected Area
কলিয়াবৰৰ বানাক্ৰান্তৰ কাষত নিশা স্বাস্থ‍্যমন্ত্ৰী

কলিয়াবৰ, 30 আগষ্ট : কলিয়াবৰৰ বৰঘূলীত নিশা বন্যাৰ্তৰ কাষত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । উল্লেখ্য যে, সম্প্ৰতি ভদীয়া বানৰ কৱলত পৰিছে ৩ নং বৰঘূলিৰ কেইবাটাও অঞ্চল । অঞ্চলকেইটাৰ প্ৰায় দুই শতাধিক পৰিয়াল বৰ্তমান বানৰ কৱলত পৰিছে ।

কলিয়াবৰৰ বানাক্ৰান্তৰ কাষত নিশা স্বাস্থ‍্যমন্ত্ৰী

বানাক্ৰান্ত পৰিয়ালকেইটাই এতিয়া ঘৰ-বাৰী এৰি মথাউৰিত আশ্ৰয় লৈছে । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্তসকলৰ অভাৱ-অভিযোগৰ বুজ লয় । তেওঁ কলংমুখৰ মথাউৰি লৈ চিন্তিত নহ'বলৈ কলিয়াবৰ আৰু নগাঁওবাসী ৰাইজক আহ্বান জনায় ৷

কলিয়াবৰৰ বানাক্ৰান্তৰ কাষত নিশা স্বাস্থ‍্যমন্ত্ৰী

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বন্যাৰ্তসকলে যাতে কোনো ধৰণৰ বিপদত পৰিব লগা নহয়, তাৰ বাবে তৎকালেই সাহায্য প্ৰদানৰ লগতে শিবিৰ মুকলি কৰাৰ বাবে মহকুমা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

কলিয়াবৰৰ বানাক্ৰান্তৰ কাষত নিশা স্বাস্থ‍্যমন্ত্ৰী

আনহাতে, কলিয়াবৰৰ হাতীমূৰা মথাউৰিক লৈ ভয়-শংকাৰ কোনো কাৰণ নাই বুলি আশ্বাস দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী কেশৱ মহন্তই পূৰ্বতকৈ হাতীমূৰাৰ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ক্ৰমাৎ স্বাভাৱিক হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক :বানৰ কবলত সত্ৰ নগৰী মাজুলী

ABOUT THE AUTHOR

...view details