বানৰ কবলত সত্ৰ নগৰী মাজুলী

By

Published : Aug 30, 2021, 1:03 PM IST

thumbnail

অপৰিৱৰ্তিত অৱস্থাত মাজুলীৰ বান পৰিস্থিতি ৷ বিগত কেইবাদিনো ধৰি আহি থকা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰকে আদি কৰি ইয়াৰ নৈ-উপনৈ সমূহৰ জলস্তৰ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত পৰিছে মাজুলীৰ মথাউৰিৰ বাহিৰৰ প্ৰায় 40 খনকৈ গাঁও । শনিবাৰে দিনৰ ভাগত ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু হ্ৰাস পাইছিল যদিও দেওবাৰে পুনৰ বৃদ্ধি হয় ৷ সম্প্ৰতি বানাক্ৰান্তৰ মাজত দেখা দিছে খোৱাপানী, খাদ্য সামগ্ৰীৰ লগতে পশুধন খাদ্যৰ সমস্যাই ৷ পশুধনসমূহ নিৰাপদ স্থানলৈ নিয়া হৈছে যদিও উপযুক্ত খাদ্যৰ যোগান ধৰিবলৈ অসমৰ্থ গাঁওবাসী ৷ অতি শীঘ্ৰে স্থানীয় প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ ৰাইজৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.