অসম

assam

কমিছে বানৰ প্ৰকোপ : বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ

By

Published : Sep 6, 2021, 1:42 PM IST

শেহতীয়াকৈ ৰাজ্যত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত প্লাৱিত হৈছিল এখনৰ পাছত আনখন জিলা । এতিয়া ক্ৰমাৎ ঠায়ে ঠায়ে উন্নত হৈছে বান পৰিস্থিতি ৷ কিন্তু ইয়াৰ লগতে বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ ৷

Flood situation in Lowkhowa
লাওঁখোৱাত কমিছে বানৰ প্ৰকোপ, বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ

চামগুৰি, 6 ছেপ্তেম্বৰ :ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে লাওখোৱাৰ বৃহত্তৰ অঞ্চল । বানৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল অঞ্চলটোৰ ৰাইজৰ মাজত । এতিয়া অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ পানী কিছু হ্ৰাস পাইছে । কিন্তু দুৰ্ভোগ কমা নাই বানাক্ৰান্তৰ ।

লাওখোৱাত কমিছে বানৰ প্ৰকোপ, বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ

এতিয়াও অঞ্চলটোত পানীৰ তলত বুৰ গৈ আছে বহু গৃহ । গৃহহীন হৈ পৰা বহু বানাক্ৰান্তৰ এতিয়া একমাত্ৰ আশ্ৰয়স্থলী হৈছেগৈ মথাউৰি ৷

লাওখোৱাত কমিছে বানৰ প্ৰকোপ, বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ

কিন্তু মথাউৰিত থকা বহুতৰে নাই মূৰৰ ওপৰত চালি । বহুতে আকৌ গৰু-ছাগলীৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে ।

লাওখোৱাত কমিছে বানৰ প্ৰকোপ, বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ

স্থানীয় প্ৰশাসনে ভাতমুঠিৰ বাবে চাউলৰ যোগান ধৰিছে যদিও নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, নাই প্ৰয়োজনীয় চিকিৎসাৰ সুবিধা । খাদ্য সংকটত পৰিছে পশুধন । চৰকাৰৰ তৰফৰ পৰা মানুহ আৰু পশুৰ বাবে খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সাহাৰ্য আহ্বান জনাইছে অঞ্চলটোৰ বানাক্ৰান্তসকলে ।

লাওখোৱাত কমিছে বানৰ প্ৰকোপ, বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ

লগতে পঢ়ক :বিজেপিয়ে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ম্যাদ উকলা চয়াবিন

ABOUT THE AUTHOR

...view details