বিজেপিয়ে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ম্যাদ উকলা চয়াবিন

author img

By

Published : Sep 4, 2021, 5:36 PM IST

Bjp distribute expired soyabin

ম্যাদ উকলা খাদ্য সামগ্ৰী বিতৰণ কৰি বিপদত বিজেপি দল । বিজেপি দলৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ধেমাজি জিলাত । মহকুমা প্ৰশাসনে জব্দ কৰে ম্যাদ উকলা চয়াবিনখিনি ।

জোনাই, ৪ ছেপ্টেম্বৰ : ৰাজ্যত সম্প্ৰতি বান পৰিস্থিতি জটিল হৈ পৰিছে । বহু লোকৰ ঘৰ, মাটি,সম্পত্তি আদি বানৰ ফলত নষ্ট হৈছে । যাৰ বাবে একাংশ শিবিৰত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোক । বানাক্ৰান্তসকলক শিবিৰত খাদ্য সামগ্ৰী আদি যোগান ধৰা হৈছে ।

একাংশ দল আৰু স্বেচ্ছাসেৱী সংগঠনেও বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে । কিন্তু ইয়াৰ মাজতে ধেমাজি জিলাৰ জোনাইত চাঞ্চল্যকৰ ঘটনা । বিজেপি দলে বানাক্ৰান্তক যোগান ধৰিলে ভেজাল চয়াবিন । ঘটনাকলৈ তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে জোনাইৰ বান শিবিৰত ।

জোনাইত চিয়াং নদীয়ে কবু চাপৰি সম্পূৰ্ণ তচনচ কৰি পেলাইছে । সমগ্ৰ কবু চাপৰি চিয়াঙৰ বানে বুৰাই পেলোৱাত জোনাইত স্থাপন কৰা হয় আশ্ৰয় শিবিৰ । জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ৪৫ টা পৰিয়ালে আশ্ৰয় লৈ আছে । আশ্ৰয় শিবিৰটোত থকা বানাক্ৰান্ত ৰাইজক মহকুমা প্ৰশাসনৰ লগতে বহু দল সংগঠনে আগবঢ়াইছে খাদ্য সামগ্ৰী ৷

বিজেপিয়ে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ম্যাদ উকলা চয়াবিন

পূৱ জোনাই ভাৰতীয় জনতা পাৰ্টি মণ্ডলেও বান শিবিৰত আশ্ৰয় লৈ থকা ৰাইজৰ বাবে আগবঢ়াইছিল খাদ্য সামগ্ৰীৰ লগতে চয়াবিন ৷ কিন্তু সেই চয়াবিনখিনি ৰন্ধাৰ পূৰ্বে পানীত দিয়াৰ লগে লগে আচৰিত হৈ পৰে লোকসকল । কাৰণ পানীত দিয়াৰ লগে লগে চয়াবিনৰ পৰা ওলাব ধৰিলে অজস্র পোক । এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে মহকুমা প্ৰশাসনে সকলো খাদ্য সামগ্ৰী জব্দ কৰে ৷

ইফালে ঘটনাৰ বিষয়ে গম পাই বিজেপিয়েও সামগ্ৰীসমূহ উভতাই লৈ যায় । লগতে চয়াবিন খিনি ক্ৰয় কৰি অনা দোকানী জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । মহকুমাটোত এনে ধৰণৰ ম্যাদ উকলা সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ ল'বলৈ দলটোৱে মহকুমা প্ৰশাসনক আহ্বান জনায় ৷ ইফালে বানাক্ৰান্ত ৰাইজে বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ম্যাদ উকলা সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ।

লগতে পঢ়ক:কাজিৰঙাত বান: উদ্ধাৰ হোৱা জীৱ-জন্তু সমূহৰ চিকিৎসা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.