অসম

assam

SI Junmoni Rabha: তদন্তৰ জাল চপাই আনিছে চিবিআয়ে; উঠিব নেকি ৰৌ-বৰালি ?

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 8:40 PM IST

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলাই থকা ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বাধীন চিবিআইৰ দল প্ৰায় অন্তিম পৰ্যায়ত উপনীত হোৱাৰ দিশে ৷ তদন্তত কি ওলাব ? কোনো ৰৌ-বৰালি জালত পৰিব নেকি ? জোনমণিৰ মৃত্যুৰ ৰহস্য ভেদ হ’ব নে ? সকলোৰে উৎকণ্ঠা চিবিআইৰ প্ৰতিবেদনলৈ...

CBI investigation in to SI Junmoni Rabha death
জোনমণিৰ মৃত্যুৰ ৰহস্য ভেদ হ’ব নে

জোনমণিৰ মৃত্যুৰ ৰহস্য ভেদ হ’ব নে

নগাঁও, 10 অক্টোবৰ: এছ আই জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ওৰ পেলাবলৈ তদন্তৰ জাল ক্ৰমাৎ চপাই আনিছে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআয়ে । প্ৰায় তিনি মাহ এপষেক অতিক্ৰম কৰা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত যেন উপনীত হৈছে চূড়ান্ত পৰ্যায়ত । এজন এজনকৈ জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খোৱা প্ৰায় প্ৰতিজন বিষয়াৰে জেৰা প্ৰায় সম্পূৰ্ণ কৰিছে চিবিআইৰ দলে । এতিয়া অপেক্ষা তদন্তৰ ফলাফললৈ ৷

যোৱা 15 মে'ৰ নিশা নগাঁৱৰ জখলাবন্ধাৰ সৰুভগীয়াত ৰহস্যজনকভাৱে এক দুৰ্ঘটনাত মৃত্যু হৈছিল অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ । কিন্তু সকলোৱে জোনমণিৰ মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছিল ৷ হত্যাৰ অভিযোগ তুলিছিল জোনমণিৰ পৰিয়ালে ৷ সন্দেহৰ আঙুলি উঠিছিল বহুকেইগৰাকী আৰক্ষী বিষয়ালৈ ৷

সমস্বৰে তদন্তৰ দাবী উত্থাপন হোৱাত দুৰ্ঘটনাৰ পিচদিনাই অৰ্থাৎ 16 মে’ত এই ঘটনাৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পন কৰা হয় ৷ কিন্তু জোনমণি ৰাভাৰ পৰিয়ালৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন কৰা হয় চিবিআইক ৷

জোনমণিৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিয়া হ’ল চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰক ৷ যোৱা 15 জুনত এটা দল সহিতে তদন্তৰ বাবে অসমত উপস্থিত হ’লহি লাভলী কাটিয়াৰ ৷ আৰম্ভ হ’ল জোনমণিৰ মৃত্যুৰ চিবিআই তদন্ত ৷ সৰুভগীয়াত উপস্থিত হৈ লাভলী কাটিয়াৰ নেতৃত্বাধীন চিবিআইৰ দলে চলালে অনুসন্ধান ৷ ভাগে ভাগে নাম উচ্ছাৰিত হোৱা আৰক্ষীসকলক মাতি চলালে জেৰা ৷ তদন্তৰ আওঁতালৈ আহিল নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেও ৷

লগতে পঢ়ক:SI Junmoni Rabha Case: কি কি প্ৰশ্নৰ সন্মুখীন হ’ল এছ পি লীনা দলে !

ইফালে, যোৱা চাৰি অক্টোবৰত জোনমণিৰ চূৰ্ণ-বিচূৰ্ণ গাড়ীখনৰ পৰা চিবিআইৰ দলে উদ্ধাৰ কৰিলে এটা ম’বাইল ফোন আৰু এখন তেজ লগা ৰুমাল ৷ সন্দেহ অধিক ঘন হৈ পৰিল ! পুনৰ হাইলাকান্দিৰ পৰা মাতি পঠিওৱা হ’ল লীনা দলেক ৷ আকৌ চলিল জেৰা ৷

জোনমণিৰ মৃত্যুৰ পিচতেই পোহৰলৈ আহিছিল এক ভয়ংকৰ নেক্সাচৰ তথ্য ৷ ফাদিল হৈছিল কেইবাগৰাকী আৰক্ষী বিষয়াৰ কুকীৰ্তিৰ ক’লা অধ্যায় ৷ পোহৰলৈ আহিছিল লখিমপুৰ জিলাৰ নকল সোণ আৰু জালনোটৰ বেহা এখন ভয়ংকৰ জালৰ তথ্য । মৃত্যুৰ পূৰ্বে লখিমপুৰ জিলাত নকল সোণ আৰু জালনোট সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা বিতৰ্কও সাঙোৰ খাই পৰিছিল জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ লগতে নকল সোণ আৰু জালনোট প্ৰসংগৰো তদন্ত আৰম্ভ কৰিছিল চিবিআইৰ দলে । নগাঁও আৱৰ্ত ভৱনত বাহৰ পতা চিবিআইৰ দলে জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত নাম সাঙোৰ খোৱা প্ৰায় প্ৰতিগৰাকী আৰক্ষী বিষয়াকে কৰিলে জেৰা । শেহতীয়াকৈ লখিমপুৰ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগকো জেৰা কৰে চিবিআইৰ দলে ৷

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰখা চিবিআইৰ দলে ইতিমধ্যে কেইবাজনো সাংবাদিকৰো ভাষ্য গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । চিবিআইৰ দলে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ জাল চপাই অনাৰ লগে লগে দুৰু-দুৰুকৈ যেন কঁপিবলৈ আৰম্ভ কৰিছে একাংশ অভিযুক্তৰ বুকু । এতিয়া সকলোৰে অপেক্ষা কেৱল চিবিআইৰ তদন্তৰ প্ৰতিবেদনলৈ ।

লগতে পঢ়ক:CBI interrogates Runa Neog : CBI ৰ জেৰাৰ সন্মুখীন লখিমপুৰ জিলাৰ তদানীন্তন ASP ৰুণা নেওগ

ABOUT THE AUTHOR

...view details