অসম

assam

2nd Kamakhya Temple of Assam : অসমৰ ক'ত আছে দ্বিতীয়টো কামাখ্যা মন্দিৰ ?

By

Published : Jun 23, 2022, 3:43 PM IST

গুৱাহাটীস্থিত কামাখ্যা দেৱালয়ত আৰম্ভ হৈছে অম্বুবাচী মেলা (Ambubachi Mela 2022)। পৰম্পৰাগত নীতি-নিয়ম অনুসৰি প্ৰবৃত্তিৰ লগে লগে মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছে কামাখ্যা মন্দিৰৰ । গুৱাহাটীৰ দৰে অসমত থকা দ্বিতীয়টো কামাখ্যা মন্দিৰতো একে নীতি নিয়মৰ মাজেৰে বুধবাৰে নিশা দেৱালয়ৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে ।

2nd Kamakhya Temple of Assam
অসমৰ ক'ত আছে দ্বিতীয়টো কামাখ্যা মন্দিৰ

কলিয়াবৰ,২৩ জুন :গুৱাহাটীস্থিত শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ বাবে ভিৰ কৰিছে দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্তই (Ambubachi Mela 2022)। নিৰ্দিষ্ট ৰীতি নীতিৰ মাজেৰে পালন কৰা হৈছে অম্বুবাচী মেলা । প্ৰবৃত্তিৰ লগে লগে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে । একেই ৰীতি নীতিৰ মাজেৰে অসমৰ দ্বিতীয়টো কামাখ্যা দেৱালয়ৰো দুৱাৰ বন্ধ কৰি দিয়া হৈছে ।

গুৱাহাটীৰ দৰে নিবৃত্তিৰ পাছতহে ভক্তৰ বাবে দুৱাৰ খুলি দিয়া হ'ব । আচলতে এই কামাখ্যা মন্দিৰটো আছে নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটত (2nd Kamakhya temple of Assam)। দ্বিতীয় শক্তিপীঠ ৰূপে জনাজাত এই মন্দিৰত অতীতৰে পৰা গুৱাহাটীৰ কামাখ্যাৰ দৰেই ষাঁঠৰ এই সময়ছোৱাত পূজা অৰ্চনা কৰা নহয় ।

অসমৰ ক'ত আছে দ্বিতীয়টো কামাখ্যা মন্দিৰ ?

অৱশ্যে গুৱাহাটীৰ দৰে জাকজমকতাৰে অম্বুবাচী পালন কৰা নহয় যদিও প্ৰবৃত্তি আৰু নিবৃত্তিৰ নিয়মসমূহ সঠিকভাৱে অনুসৰণ কৰে মন্দিৰ কৰ্তৃপক্ষই (Ambubachi at Silghat Kamakhya Devalaya)। অম্বুবাচীৰ নিবৃত্তি অনুসৰি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগে শিলঘাটৰ এই শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো বন্ধ হৈ থকা মন্দিৰৰ মূল দুৱাৰ খুলি দিয়া হ'ব ।

লক্ষণীয়ভাৱে নীলাচলৰ বুকুত দৈনিক যি দৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে কিন্তু শিলঘাট কামাখ্যা দেৱালত তেনে পৰিৱেশ নাই । ভক্তৰ উপস্থিতি তেনেই সেৰেঙা দেখিবলৈ পোৱা যায় । দেৱী কামাখ‍্যাৰ বিগ্ৰহ থকা এই ঐতিহাসিক মন্দিৰৰ বিষয়ে প্ৰচাৰ-প্ৰসাৰ কম হোৱাৰ বাবেই অতি কম সংখ্যক লোকেহে জানে এই মন্দিৰৰ কথা ।

লোকবিশ্বাস অনুসৰি অষ্টম শতিকাতে শালস্তম্ভ বংশীয় ৰজা বনমালদেৱে শিলঘাটৰ কামকূট, এতিয়াৰ কামাখ্যা পাহাৰত স্থাপন কৰিছিল এই কামাখ্যা মন্দিৰ । প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা কামাখ্যা পীঠ পাছত আহোম ৰাজত্ব কালত ১৭৪৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰে (Silghat Kamakhya rebuild in 1745 by Ahom king)। তাৎপৰ্যপূৰ্ণ যে, অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ কামাখ্যা দেৱালয়ৰ প্ৰচাৰ-প্ৰসাৰত যদি গুৰুত্ব দিয়া হয়, ভৱিষ্যতে এই মন্দিৰক এক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব পৰা যাব বুলি স্থানীয় লোক তথা মন্দিৰ কৰ্তৃপক্ষই দাবী কৰিছে ।

লগতে পঢ়ক :আগন্তুক তিনি দিনৰ বাবে বন্ধ হ'ল শক্তিপীঠ মা কামাখ্যাৰ মুখ্য দুৱাৰ

ABOUT THE AUTHOR

...view details