অসম

assam

মৰিগাঁৱত তিনিখন ট্ৰাকসহ 79 টা চোৰাং গৰু জব্দ

By

Published : Nov 4, 2019, 6:00 PM IST

ৰাজ্যত সক্ৰিয় গো-মাফিয়াৰ চোৰাং বেহা ৷ মৰিগাঁৱত বৃহৎ পৰিমাণৰ চোৰাং গৰু উদ্ধাৰৰ ঘটনা ৷

three trucks and smuggled cattle seized by Morigaon police

মৰিগাঁও,4 নৱেম্বৰ:মৰিগাঁৱত পুনৰ জব্দ হ'ল অবৈধ গৰু কঢ়িওৱা তিনি ট্ৰাকসহ 79 টাকৈ চোৰাং গৰু ৷ সোমাবাৰে পুৱা মৰিগাঁও আৰক্ষীয়ে AS01-KC -8788, AS01-LC-1816 আৰু AS01-LC-3346 নম্বৰৰ ট্ৰাককেইখন জব্দ কৰে ৷ লগতে জব্দ কৰে 79টাকৈ চোৰাং গৰু ৷ জানিব পৰা মতে, মৰিগাঁৱৰ জালুগুটিৰ সাপ্তাহিক বজাৰৰ পৰা খানাপাৰালৈ গৈ থকাৰ সময়তেই মৰিগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এই গৰু ভৰ্তি ট্ৰাক কেইখন ।

মৰিগাঁও আৰক্ষীয়ে জব্দ কৰিলে চোৰাং গৰুৰ ট্ৰাক

উল্লেখ্য যে, জব্দ কৰা গৰুবোৰ তিৰপালেৰে ঢাকি লৈ যোৱাৰ চেষ্টা কৰিছিল গৰুৰ চোৰাং সৰবৰাহকাৰীসকলে ৷ ট্ৰাকৰ সৈতে কৰায়ত্ত কৰা চালক আৰু শ্ৰমিকসকলক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:চিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

Intro:মৰিগাঁৱত অব্যাহত আছে অবৈধ গৰুৰ সৰবৰাহৰ কলা বেহা। দৈনিক ট্ৰাকে ট্ৰাকে চালান অবৈধ গৰু। সোমাবাৰে আৰক্ষীৰ অভিযানত জব্দ তিনি খনট্ৰাকসহ 79 টা গৰু। অব্যাহত সোধপোচ।Body:মৰিগাঁৱত পুনৰ অবৈধ গৰু কঢ়িওৱা তিনি ট্ৰাক জব্দ ।
ৰাজ্যত এতিয়া সক্রিয় হৈ উঠিছে গৰু সৰবৰাহৰ চক্ৰ ।ইয়াৰ অংশ ৰূপে সোমাবাৰে মৰিগাঁৱত জব্দ গৰু কঢ়িওৱা ট্ৰাক সহ প্ৰায় আশীটা গৰু। একাংশ গো-মাফিয়াই এতিয়া আৰক্ষীৰ চকুত ধূলি মাৰি চলাই গৈছে গৰু সৰবৰাহৰ ৰমৰমীয়া বেহা।ঠিক তেনে সময়তে সোমাবাৰে পুৱা মৰিগাঁৱৰ আৰক্ষীয়ে AS01-KC -8788, AS01-LC-1816 আৰু AS01-LC-3346 নম্বৰৰ ট্ৰাককেইখন জব্দ কৰে ।মৰিগাঁও আৰক্ষীয়ে পুৱাতে আটক কৰা এই গৰু ভর্তি ট্ৰাক কেইখনলৈ চাওক কেনেদৰে জড় পদাৰ্থৰ লেখীয়াকৈ আৰক্ষীৰ চকুত ধূলি দিবলৈ তিৰপাল ঢাকি শ্বাস প্ৰশ্বাস নোপোৱাকৈ নিছিল গৰুখিনি। উত্থাপিত অভিযোগ মতে মৰিগাঁৱৰ জালুগুটিৰ সাপ্তাহিক বজাৰৰ পৰা খানাপাৰালৈ যোৱাৰ সময়তে আজি মৰিগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এই গৰু ভৰ্তি ট্ৰাক কেইখন।উল্লেখ্য যে তিনিখন ট্ৰাকত আছিল মুঠ 79 টাকৈ অবৈধ গৰু।
Byte: LabourConclusion:Ratuldeka etv Bharat morigaon

ABOUT THE AUTHOR

...view details