ETV Bharat / state

চিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

author img

By

Published : Nov 4, 2019, 11:49 AM IST

Updated : Nov 4, 2019, 11:55 AM IST

চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ নেতৃত্বত চলোৱা অভিযানত বামুনগাঁৱৰ গাৰ্লাবাৰীৰ পৰা তিনিখনকৈ চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৃত চোৰাং কাঠ সমূহ চিৰাং বন সংমণ্ডলক গতাই দিয়ে আৰক্ষীয়ে।

চিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

চিৰাং,4 নৱেম্বৰঃ চিৰাঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ। আৰক্ষী-বন বিভাগৰ যৌথ অভিযানত উদ্ধাৰ হয় প্ৰায় ৭ লাখ টকা বজাৰ মুল্যৰ কেইবা গাড়ী মূল্যৱান চোৰাং কাঠ। দেওবাৰে নিশা চিৰাঙ আৰক্ষী-বন বিভাগে চলোৱা যৌথ অভিযাত জব্দ হয় কাঠখিনি। জিলাখনৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ নেতৃত্বত চলোৱা অভিযানত বামুনগাঁৱৰ গাৰ্লাবাৰীৰ পৰা তিনিখনকৈ চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৃত চোৰাং কাঠ সমূহ চিৰাং বন সংমণ্ডলক গতাই দিয়ে আৰক্ষীয়ে। বন বিভাগৰ সূত্ৰত প্ৰকাশ যে জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৫ৰ পৰা ৭ লাখ টকা হ'ব । উল্লেখ্য যে,ধাৰাবাহিকভাৱে একাংশ চোৰাং বেপাৰীয়ে গাড়ীৰে অইন জিলালৈ চোৰাং কাঠ প্ৰেৰণ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ আনহাতে চোৰাংভাৱে কাঠ সৰবৰাহ কৰা বেছিভাগ গাড়ীৰে নাথাকে নম্বৰ প্লেট

চিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ

আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি চোৰাং কাঠ ভৰ্তি গাড়ী এৰি পলায়ন কৰে চোৰাং কাঠ বেপাৰীয়ে। যাৰ বাবে কোনো লোককে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অভিযানকাৰী দলে ৷ ইফালে শনিবাৰে নিশাও বন বিভাগৰ অভিযানত চোৰাং কাঠৰ কুণ্ডা ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছিল বন বিভাগৰ অভিযানকাৰী দল। বৰ্তমান চিৰাং বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে জব্দকৃত চোৰাং কাঠখিনি।

Chirang huge illegal timber seized
চিৰাঙত জব্দ হোৱা প্ৰায় 7 লাখ টকা মূল্যৰ চোৰাং কাঠখিনি

লগতে চাওকঃ বিদেশী শিল্পীৰ মুখত সুধাকন্ঠৰ কালজয়ী গীত

Intro:চিৰাঙত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ । আৰক্ষী-বন বিভাগৰ যৌথ অভিযানত উদ্ধাৰ প্ৰায় ৫/৭ লাখ টকা বজাৰ মুল্যৰ কেইবা গাড়ী মুল্যবান চোৰাং কাঠ ।


Body:নিশা চিৰাঙত আৰক্ষী-বন বিভাগৰ যৌথ অভিযান । অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ । জিলাখনৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ নেতৃত্বত চলোৱা অভিযানত বামুনগাঁওৰ গাৰ্লাবাৰীৰ পৰা তিনিটাকৈ চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৃত চোৰাং কাঠ সমুহ চিৰাং সংমণ্ডল বন বিভাগক গতাই দিয়ে আৰক্ষীয়ে । বন বিভাগৰ সুত্ৰে প্ৰকাশ যে জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মুল্য প্ৰায় ৫/৭ লাখ টকা হব । নিতৌ এই দৰেই একাংশ চোৰাং কাঠ বেপাৰীয়ে গাড়ীৰে অইন জিলালৈ প্ৰেৰন কৰে চোৰাং কাঠ । অধিকাংশ গাড়ীৰ নম্বৰপ্লেট নাথাকে । আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি চোৰাং কাঠ ভৰ্তি গাড়ী এৰি পলায়ন কৰে চোৰাং কাঠ বেপাৰীয়ে। সেয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলিও জানিব পৰা গৈছে ।।

ইপিনে পৰহি নিশাও বন বিভাগৰ অভিযানত দহটাকৈ চোৰাং কাঠৰ কুণ্ডা ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে । বৰ্তমানেও চিৰাং বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত ৰাখিছে জব্দকৃত চোৰাং কাঠখিনি ।


Conclusion:প্ৰতিনিশাই চিৰাং-কোকৰাঝাৰৰ পৰা অসমৰ অইন জিলালৈ কোটী টকাৰ চোৰাং কাঠ প্ৰেৰন কৰে চোৰাং কাঠ বেপাৰি সকলে । কিন্ত বন বিভাগ আৰক্ষীয়ে তলকিবই নোৱাৰে এই বৃহৎ চোৰাং ব্যৱসায়টোৰ বিষয়ে । মাজে মাজেহে এই ধৰনৰ অভিযান পৰিলক্ষিত হয় আৰু দুই এটা গাড়ী জব্দ কৰে ।


চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
Last Updated : Nov 4, 2019, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.