অসম

assam

মণিপুৰৰ ভূমিস্খলনত লাহৰীঘাটৰ ২৩ জন শ্ৰমিক হতাহত হোৱাৰ লগতে নিহত এজন

By

Published : Jul 1, 2022, 1:37 PM IST

লাহৰীঘাটত ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল ৷ মণিপুৰৰ ননী জিলাৰ টুপুলত ভয়াৱহ ভূমিস্খলনত হতাহত হৈছে জিলাখনৰ কেইবাজনো শ্ৰমিক(Several workers were injured in Manipur landslides) । শ্ৰমিকসকলক উদ্ধাৰ কৰি স্বগৃহলৈ আনিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে স্থানীয় লোকৰ লগতে শ্ৰমিকসকলৰ আত্মীয়ই(Manipur landslide latest update) ।

23 workers of Laharighat affected in landslides in Manipur
মণিপুৰত ভূমিস্খলনত হতাহত লাহৰীঘাটৰ ২৩ জন শ্ৰমিক

ধিং, 1 জুলাই :মৰিগাঁও জিলাৰ খোৰাগোঁসাই বড়ি গাঁৱত এতিয়া ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল । জিলাখনৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কুশতলি অঞ্চলৰ ২৩ জনকৈ শ্ৰমিক মণিপুৰত বুধবাৰে সন্ধিয়া সংঘটিত ভূমিস্খলনত হতাহত হয় (Several workers were injured in Manipur landslides) । ইয়াৰে খোৰাগোসাঁই বড়ি গাঁৱৰ গোপাল ফুকন(32) নামৰ শ্ৰমিকজনৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে(Laharighat labour killed in landslide in Manipur) । আন 5 জন শ্ৰমিক চিকিৎসাধীন হৈ থকাৰ লগতে 17 জন এতিয়ালৈ নিৰুদ্দেশ হৈ আছে ।

মণিপুৰত ভূমিস্খলনত হতাহত লাহৰীঘাটৰ ২৩ জন শ্ৰমিক

নিৰুদ্দেশ হৈ থকা শ্ৰমিককেইজন হৈছে ক্ৰমে খোৰাগোসাঁই বড়িৰ হনুমান কোঁৱৰ, সনাল কোঁৱৰ, উৎপল ফুকন, মমীন ডেকাৰজা, আকাশ লৰম, পল্লৱ লৰম, দেৱজিৎ ফুকন, বগীয়ান্ত ফুকন, ৰামু ফুকন, কুশতলিৰ জুনটি বৰদলৈ আৰু লাউভূৰুঙ্গাৰ হৰমোহন ডেকা । আনহাতে আহত অৱস্থাত চিকিৎসাধীন হৈ থকা শ্ৰমিককেইজন হৈছে কুশতলিৰ প্ৰহ্লাদ বসুমতাৰী, খোৰাগোঁসাই বড়িৰ মনিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন আৰু আমগুৰিৰ জুন বসুমতাৰী ।

এই শোকাৱহ ঘটনাৰ খবৰ পোৱাৰ পাছতেই শ্ৰমিকসকলৰ আত্মীয়সকল শোকত ভাঙি পৰিছে । ইফালে এই ঘটনাৰ খবৰ পাই অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল গাঁওখনত উপস্থিত হয় । মৃত শ্ৰমিকজনৰ লগতে সন্ধানহীন শ্ৰমিকসকলক উদ্ধাৰ কৰি স্বগৃহলৈ আনিবলৈয়ো স্থানীয় লোকৰ লগতে শ্ৰমিকসকলৰ আত্মীয়ই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে । কুশতলীৰ এই শ্ৰমিককেইজন প্ৰায় ২০ দিন পূৰ্বে মনিপুৰলৈ গৈ টুপুলত নিৰ্মাণ হৈ থকা ৰেলআলি নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল (Many workers from Morigaon were engaged in construction of a railway line in Tupul) ।

লগতে পঢ়ক :মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৯ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details