অসম

assam

Durga Puja 2023: দুৰ্গা পূজা সমিতিক 10 হাজাৰ টকাৰ চেক প্ৰদান বিধায়ক ৰমাকান্ত দেউৰীৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:05 PM IST

মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত জালুগুটি সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিলৈ চৰকাৰৰ ফালৰ পৰা দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

দুৰ্গা পূজা উদযাপন সমিতিসমূহক 10 হাজাৰ টকাৰ চেক প্ৰদান বিধায়ক ৰমাকান্ত দেউৰীৰ
দুৰ্গা পূজা উদযাপন সমিতিসমূহক 10 হাজাৰ টকাৰ চেক প্ৰদান বিধায়ক ৰমাকান্ত দেউৰীৰ

দুৰ্গা পূজা উদযাপন সমিতিসমূহক 10 হাজাৰ টকাৰ চেক প্ৰদান বিধায়ক ৰমাকান্ত দেউৰীৰ

মৰিগাঁও, 22 অক্টোবৰ : আজি মহা অষ্টমী । মহা অষ্টমীৰ উপলক্ষে বিভিন্ন পূজা মণ্ডপৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ এশ তিনি বছৰ গৰকা জালুগুটি সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত অষ্টমী পূজাৰ বৈদিক ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে । সকলো ভক্তপ্ৰাণ ৰাইজে ধূপ-দ্বীপ, তেল-চাকি, শৰাই-শলিতা, অৰিহণাৰ পুষ্পাদিৰ নানা উপাচাৰে অষ্টভূজা দেৱীক আৰাধনা কৰে । ইয়াৰ পিচতে ভক্তপ্ৰাণ ৰাইজে গ্ৰহণ কৰে অষ্টমী পূজাৰ ভোগ ৷

উল্লেখ্য যে শতবৰ্ষ গৰকা জালুগুটিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ অষ্টমী পূজাত মা দেৱীৰ আশীষ গ্ৰহণ কৰে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে জালুগুটি সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ শলাগ লৈ এই ভাগ পূজাৰ ঐতিহ্যৰ বিষয়ে ব্যাখ্যা আগবঢ়াই কয় যে, বিধায়ক হিচাপে যি সহযোগিতা আগবঢ়াব লাগে সেই সকলো সহযোগিতা আগবঢ়াই যাবলৈ চেষ্টা কৰা হ’ব । ইয়াৰ লগতে আগন্তুক নৱমী আৰু দশমী পূজাৰ কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আশা কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

আনহাতে ঐতিহ্যমণ্ডিত জালুগুটি সাৰ্বজনীন দুৰ্গা পূজাত দেৱীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে মৰিগাঁও জিলা অন্যান্য পিছপৰা সম্প্ৰদায় উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ শিৱাজী ডেকাই । ইফালে পূজা সমিতিৰ সভাপতি পৰিতোষ পল, কাৰ্যকৰী সভাপতি কৌশিক দেৱ নাথ, সম্পাদক মিঠুন দত্তই সংবাদ মাধ্যমক জনোৱা অনুসৰি অষ্টমী পূজাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু নিশা লৈ ইণ্ডিয়ান আইড’ল দেৱ ৰাজনৰ গীতৰ শৰাই অনুষ্ঠিত হ’ব । এই সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

লগতে পঢ়ক:Road accident: চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বাতিল ৰে’লসেৱা

ABOUT THE AUTHOR

...view details