অসম

assam

৯ ছেপ্টেম্বৰত পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

By

Published : Sep 7, 2022, 3:10 PM IST

Updated : Sep 7, 2022, 5:40 PM IST

পাভ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ তৰফৰ পৰা চলোৱা হ’ব উচ্ছেদ অভিযান (Eviction drive to Pabha Reserve Forest) । উচ্ছেদৰ পূৰ্বেই নিজ নিজ ঘৰ-বাৰী এৰি ঢাপলি মেলিছে বনাঞ্চলত বাস কৰা অবৈধ লোকসকল ।

৯ ছেপ্টেম্বৰত পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন
৯ ছেপ্টেম্বৰত পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

নাওবৈচা, ৭ ছেপ্টেম্বৰ :ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ উচ্ছেদ অভিযান অব্যাহত আছে (Assam Govt Eviction drive on government land) ৷ ইতিমধ্যে ৰাজ্যৰ আন আন বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক ৰাজ্য চৰকাৰে উচ্ছেদ কৰিছে । ইয়াৰ সমান্তৰালভাৱে লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলতো উচ্ছেদ চলোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সাজু হৈছে (Eviction drive to Pabha Reserve Forest) ।

উল্লেখযোগ্য যে ৪৯০০ বৰ্গকিলোমিটাৰজোৰা ৰাণী ভিক্টোৰিয়াৰ যুগতে অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱা বনৰীয়া ম'হৰ বাবে বিখ্যাত পাভ বনাঞ্চলৰ সৰহ সংখ্যক ভূমিয়েই সন্দেহজনক লোকে ঘৰ-বাৰী সাজি বেদখল কৰি আহিছিল (Pabha wildlife sanctuary) । যাৰ ফলত বনাঞ্চলখন জন অৰণ্যলৈ পৰিণত হয় (Encroachment in pabha wildlife sanctuary) । শেহতীয়াভাৱে ৰাজ্য চৰকাৰে পাভ বনাঞ্চলখন উচ্ছেদ চলোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ।

৯ ছেপ্টেম্বৰত পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

ইতিমধ্যে হাৰমতি আঞ্চলিক বন কাৰ্যালয়ৰ পৰা বনাঞ্চলখনত অবৈধভাৱে বেদখল কৰা পৰিয়ালসমূহলৈ ১৫ দিনৰ সময়সীমা বান্ধি জাননী প্ৰেৰণ কৰিছিল যদিও অবৈধ বেদখলকাৰীয়ে বনাঞ্চলখন এৰি যোৱা নাছিল । আজি পুনৰ দ্বিতীয়বাৰৰ বাবে লখিমপুৰ প্ৰশাসন আৰু বন বিভাগৰ এটা দলে বেদখলকাৰীৰ ঘৰে ঘৰে গৈ অন্তিম সকীয়নি দিয়ে । যদিহে স্ব-ইচ্ছাৰে বেদখলকাৰীয়ে বনাঞ্চলখন এৰি নাযায় তেনেহ'লে অহা ৯ ছেপ্টেম্বৰত প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি জনায় ।

ইফালে বন বিভাগৰ পৰা জাননী লাভ কৰাৰ পিছতে বনাঞ্চলখনত অবৈধভাৱে বসবাস কৰি থকা একাংশ লোকে নিজৰ নিজৰ প্ৰয়োজনীয় সা-সম্পত্তি লৈ অন্য স্থানলৈ গৈছে যদিও বহু পৰিয়াল এতিয়াও বনাঞ্চলখনতে বাহৰ পাতি আছে । উল্লেখ্য, বনাঞ্চলৰ ভূমিত কেৱল সন্দেহজনক লোকেই বসবাস কৰা নাছিল । বনাঞ্চলখনত মিচিং জনগোষ্ঠীয় বহু পৰিয়ালেও ভূমি বেদখল কৰি সৰিয়হ-ধানখেতি কৰি ব্যাপক বেদখল কৰি আহিছে ।

আনহাতে, দৰঙৰ গৰুখুঁটিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহওক বুলিয়ে তেওঁলোকে উচ্ছেদৰ পূৰ্বেই নিজৰ ঘৰ-দুৱাৰ এৰি অন্য স্থানলৈ যাবলৈ আৰম্ভ কৰিছে । লগতে যিসকল দালালে তেওঁলোকক ধনৰ বিনিময়ত বনাঞ্চলখনত মাটি প্ৰদান কৰিছিল, তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী লোকসকলৰ ৷ ইয়াৰ লগতে চৰকাৰৰ ওচৰত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে লোকসকলে ৷

লগতে পঢ়ক :সুন্দৰী বেংক বিষয়াক জোৰদাৰ জেৰা আৰক্ষীৰ

Last Updated :Sep 7, 2022, 5:40 PM IST

ABOUT THE AUTHOR

...view details