অসম

assam

লখিমপুৰকে ধৰি ৰাজ্যৰ চাৰিখন চিকিৎসালয়ত সামুহিকভাৱে ৰক্ত পৃথকীকৰণ কেন্দ্র উদ্বোধন

By

Published : Sep 3, 2022, 2:15 PM IST

অহা দুমাহৰ ভিতৰত ধেমাজিকে ধৰি ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হ’ব । লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালসহ ৰাজ্যৰ চাৰিখন চিকিৎসালয়ত সামুহিকভাৱে ৰক্ত উপাদান পৃথকীকৰণ কেন্দ্র উদ্বোধন কৰি স্বাস্থ্য মন্ত্রী মহন্তই এইদৰে ঘোষণা কৰে(Blood Component Separation Center in Assam)।

Blood Component Separation Center in Assam
চাৰিখন চিকিৎসায়ত ৰক্ত পৃথকীকৰণ কেন্দ্র উদ্বোধন

লখিমপুৰ, ৩ছেপ্তেম্বৰ:ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এটি সুখবৰ । লখিমপুৰসহ ৰাজ্যৰ চাৰিখন জিলাত শনিবাৰে উদ্বোধন হ'ল ৰক্ত উপাদান পৃথকীকৰণ কেন্দ্র(Blood Component Separation Center Inauguration)। লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ(Lakhimpur Medical College Hospital)পৰা সামুহিকভাৱে এই কেন্দ্রসমুহ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ।

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই(Health Ministerspeaks on medical college)কয় যে লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত সংযোগ হ'ব ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সুবিধা(Super Specialty Hospital in Assam)। ইতিমধ্যে হাস্পতালখনৰ বাবে প্ৰাথমিক কাম কাজ আৰম্ভ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, ৰাজ্যত অহা দুমাহৰ ভিতৰত ধেমাজিকে ধৰি পাঁচখন চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলিও উল্লেখ কৰিলে স্বাস্থ্য মন্ত্রীগৰাকীয়ে ।

চাৰিখন চিকিৎসায়ত ৰক্ত পৃথকীকৰণ কেন্দ্র উদ্বোধন

উল্লেখ্য় যে মঙলদৈ অসামৰিক চিকিৎসালয়, নলবাৰী অসামৰিক চিকিৎসালয় আৰু নগাঁও অসামৰিক চিকিৎসালয়ৰ ৰক্ত উপাদান পৃথকীকৰণ কেন্দ্রকেইটাও মন্ত্রীগৰাকীয়ে উদ্বোধন কৰে ।

ইয়াৰ পিছতে মন্ত্রী মহন্তই চিকিৎসা মহাবিদ্য়ালয়খনৰ বিষয়ববীয়া, স্বাস্থ্য় বিভাগৰ বিষষাবৰ্গৰে এখন সভাত মিলিত হয় । উক্ত কাৰ্যসূচীত জিলা উপায়ুক্ত সুমিত সাত্তাৱান, বিধায়ক মানৱ ডেকাকে আদি কৰি বহুকেইগৰাকী বিশেষ ব্যক্তিয়ে অংশগ্রহণ কৰে । লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ পৰাই তেওঁ জিলাখনৰ অৰুণাচল সীমান্তৰ গুমটোও পৰিদৰ্শন কৰে ।

লগতে পঢ়ক:শোণিতপুৰৰ চিতলমাৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত

ABOUT THE AUTHOR

...view details