ETV Bharat / state

চেইন চিলাইৰে বগা কাপোৰত সৃষ্টি কৰিলে 'গুণমালা' - Gunamala on cloth

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:53 PM IST

Unique creation of Assamese woman : কাপোৰতো ৰচিব পাৰি সপোন । হাতৰ চিলাইৰে এবছৰতে 'গুণমালা' পুথিখন ৬ মিটাৰ বগা কাপোৰত সৃষ্টি কৰিলে এগৰাকী মহিলাই । কোনে অসম্ভকো কৰিলে সম্ভৱ ?

Unique creation of Assamese woman
হাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টিৰাজি 'গুণমালা' (ETV BHARAT ASSAM)

আমগুৰি, ২৪ মে: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টিৰাজি 'গুণমালা'ক অনন্য ৰূপত উপস্থাপন কৰিলে এগৰাকী মহিলাই । গৌৰীসাগৰৰ নামদাং কুমাৰ গাঁৱৰ কল্পনা কলিতা নামৰ মহিলাগৰাকীয়ে গুৰুজনাৰ 'ভূৰুকাৰ হাতীক' হাতৰ চিলাইৰৰে সৃষ্টি কৰিলে বগা কাপোৰত । ৬ মিটাৰ কাপোৰত এবছৰৰ কষ্টৰ অন্তত মহিলাগৰাকীয়ে হাতেৰে চেইন চিলাই কৰি সৃষ্টি কৰিলে অসমীয়া সমাজত অন্যতম চৰ্চিত 'গুণমালা 'পুথিখন ।

হাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টিৰাজি 'গুণমালা' (ETV BHARAT ASSAM)

উল্লেখ্য যে 'গুণমালা' পুথিখন মহাপুৰুষজনাৰ এক অনন্য সৃষ্টি । মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা এই পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয় । অঞ্চলটোৰ ধৰ্মপ্ৰাণা মহিলা কল্পনা কলিতাই ২০২৩ৰ ১১ ফেব্ৰুৱাৰীত আৰম্ভ কৰি ২০২৪ৰ ১৮ মে'ত ' গুণমালা ' পুথিখন হাতৰ চিলাইৰ জৰিয়তে সৃষ্টি কৰিলে । গুৰুৰ চৰণত নিজকে সমৰ্পন কৰি, ঘৰুৱা কামকাজৰ পিছতো নিজৰ সৃষ্টিক প্ৰতিফলিত কৰি এবছৰৰ ভিতৰত এই পুথিখন ৬ মিটাৰ বগা কাপোৰত সৃষ্টি কৰিলে এইগৰাকী মহিলাই ।

উল্লেখ্য যে মহাপুৰুষ শংকৰদেৱে ১ ইঞ্চি x ২ ইঞ্চি সাঁচি পাতত কুষম মালা স্তম্ভত কৃষ্ণস্তৱ বা ব্ৰহ্মস্ততি অথবা 'গুণমালা' পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা কৰিছিল । কোঁচৰজা নৰনাৰায়ণৰ ৰাজসভাত ব্ৰাহ্মণ পণ্ডিতক মহাভাগৱতৰ শাস্ত্ৰভাগ একেদিনাই পঢ়িব পৰাকৈ লিখি দিবলৈ নিৰ্দেশ দিছিল । ব্ৰাহ্মণ পণ্ডিতসকলে একেমুখে এয়া অসম্ভৱ বুলি কয়। ৰজাৰ এনে নিৰ্দেশ মহাপুৰুষ শঙ্কৰদেৱে ১ ইঞ্চি x ২ ইঞ্চি সাঁচি পাতত কুষম মালা স্তম্বত কৃষ্ণস্তৱ বা ব্ৰহ্মস্ততি অথবা 'গুণমালা' পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা কৰি ৰজাক প্ৰদান কৰিছিল ।

শংকৰদেৱৰ সৃষ্টি ভাগৱৎ প্ৰেমময় পুথিখন ভক্তিৰ মাধ্যমৰে এখন তত্ত্বমূলক গ্ৰন্থ । এই পুথিখন কলেৱৰত সৰু হ’লেও শ্ৰীকৃষ্ণৰ মাহাত্ম্য লীলা বিষয়ক কথা চমুকৈ কিন্তু বৈশিষ্ট্যপূৰ্ণ ভাৱে ব্যক্ত হোৱা বাবে পুথিখন সাহিত্যৰ এক মূল্যবান গ্ৰন্থ হিচাপে মান্যতা প্ৰদান কৰা হয় । বিশাল ভাগৱতখনক ক্ষুদ্ৰতম সংস্কৰণ 'গুণমালা'লৈ ৰূপান্তৰ কৰাটো মহাপুৰুষ গুৰুজনাৰ সাহিত্য প্ৰতিভাৰ অন্যতম নিদৰ্শন বুলি কোৱা হয় ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুণমালা পুথিখন ৰচনা কৰা কাৰ্যক হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি আখ্যা দিয়া হয়। ভক্তিতত্ত্বমূলক সাহিত্যত গুণমালা পুথিৰ স্থান সকলোৰে উৰ্দ্ধত বুলি গণ্য কৰা হয় । ধৰ্মপ্ৰাণা মহিলা কল্পনা কলিতাৰ এনে হস্তকৰ্ম তথা সৃষ্টি অঞ্চলটোৰ গৌৰৱৰ লগতে সমাজৰ কাৰণেও আদৰ্শস্বৰূপ ।

লগতে পঢ়ক:অসমীয়া শিপিনীৰ তাঁতশালত প্ৰকাশ গুৰুজনাৰ গুণমালা

আইতাৰ হাতৰ পৰশত তাঁতশালত প্ৰাণ পাইছে শ্ৰীমদ্ভাগৱত শ্লোক

যোৰহাটৰ শিপিনিৰ চমক, তাঁতশালত বৈ উলিয়ালে গুণমালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.