ETV Bharat / state

আৰক্ষীৰ পোচাকত আহিল ডকাইত, লুটি নিলে লক্ষাধিক টকাৰ সম্পত্তি - Robbery case in Gouripur

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:49 PM IST

ধুবুৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড । আৰক্ষীৰ পোচাক পৰিধান কৰি,হাতে হাতে মাৰণাস্ত্ৰ লৈ গৌৰীপুৰত ডকাইতে চলালে লুটপাত । আৰক্ষীৰ ৰূপ লৈ ডকাইতিকাণ্ড সংঘটিত কৰাক লৈ চিন্তিত হৈ পৰিছে গৌৰীপুৰৰ সচেতন ৰাইজ ।

Robbers dressed as policemen looted people at Gouripur in Dhuburi
ধুবুৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড (ETV Bharat Assam)

ধুবুৰী,২৪ মে': অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা । অপৰাধ ৰোধৰ বাবে আৰক্ষীয়ে বিভিন্ন সময়ত চলাই আহিছে অভিযান । পিছে অপৰাধীয়েও আৰক্ষীৰ চকুত ধূলি দিবলৈ গ্ৰহণ কৰিছে ন-ন কৌশল । এইবাৰ ডকাইতে ধাৰণ কৰিলে আৰক্ষীৰ ৰূপ । আৰক্ষীৰ পোচাক পৰিধান কৰি গৌৰীপুৰত ডকাইতে চলালে লুটপাত । আৰক্ষীৰ পোচাক পৰিধান কৰি লগত মৰাণাস্ত্ৰ লৈ ৭ জনীয়া এটা ডকাইতৰ দলে এটা পৰিয়ালৰ পৰা লুট কৰি নিয়ে বহু সা-সম্পত্তি ।

গৌৰীপুৰত ক'লা ব্যৱসায়ৰ লগত জড়িত থকা বুলি তালাচী চলোৱাৰ নাম লৈ গৌৰীপুৰৰ ঘেগেৰ আলগা গাঁৱৰ ৰফিক আলী নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা লুট কৰি নিয়ে লাখ লাখ টকাৰ আ-অলংকাৰ । প্ৰথমে গৌৰীপুৰ থানাৰ আৰক্ষী বুলি পৰিচয় আৰু তাৰ পিছতে ক'লা ব্যাৱসায়ত জড়িত থকা বুলি ভাবুকি দি লুটপাত চলাই দলটোৱে । হাতে হাতে মাৰণাস্ত্ৰ, পিন্ধনত খাকী পোচাক, মুখত মাস্ক পৰিধান কৰি নিশা প্ৰায় ১২:৩০ বজাত ৰফিক আলী নামৰ ব্যক্তিজনৰ ঘৰত প্ৰৱেশ কৰে ৭ জনীয়া ডকাইতৰ দলটোৱে ।

ধুবুৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড (ETV Bharat Assam)

ৰফিক আলীয়ে জনোৱা অনুসৰি তেওঁৰ বাসগৃহত ৭ জনীয়া আৰক্ষীৰ পোচাক পিন্ধা যুৱক কেইজনে পৰিচয় দিছিল গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বুলি । ৰফিক আলীয়ে ক'লা ব্যৱসাৰ লগত জড়িত থকাৰ সন্দেহত তদন্তত আহিছিল বুলি উল্লেখ কৰে । কিছু সময় অন্তত তদন্তৰ চলোৱাৰ পিছত নগদ ধন, পত্নীৰ আ-অলংকাৰসমূহ জব্দ কৰে বুলি ঘৰৰ মানুহক জনায় । পৰিয়ালৰ লোকে জব্দ কৰাৰ নথি-পত্ৰ বিচৰাত আৰক্ষীৰ ৰূপ লৈ অহা ডকাইতৰ দলটোৱে গৌৰীপুৰ থানালৈ আহিবলৈ নিৰ্দেশ দিয়ে ।

ইয়াৰ পিছতে লাখ টকাৰ সা-সম্পত্তি হেৰুৱাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালটোৰ মাজত । স্মাৰ্ট আৰক্ষীৰ পৰিচয় দিয়া অসম আৰক্ষীৰ নাকৰ তলৰে কেনেকৈ সংঘটিত হৈ আহিছে এনেবোৰ ঘটনা ? সেয়া সচেতন ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন । আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনীৰ পোচাক পৰিধান কৰি হাতে হাতে মাৰণাস্ত্ৰ লৈ কেনেকৈ চলাই আহিছে সন্ত্ৰাস ?

লগতে পঢ়ক: মহিলাৰ মূৰত পিষ্টল টোঁৱাই ধন সোণ লুট, ৰাইজে দৌৰাই দৌৰাই ধৰিলে ডকাইত - Two Robbers Arrested

Bank Loot In Manipur : মণিপুৰত দিন দুপৰতে ২০ লক্ষাধিক টকা লুট - Bank Loot In Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.