অসম

assam

Fake gold and currency racket: ডিজিপিৰ হুংকাৰত কঁপিছে ক’লা সাম্ৰাজ্যৰ খলনায়কৰ বুকু; লখিমপুৰত ব্যাপক অভিযান

By

Published : May 20, 2023, 4:20 PM IST

Updated : May 20, 2023, 5:56 PM IST

Fake gold and currency racket
Fake gold and currency racket

নকল সোণ আৰু নকল টকাৰ বজাৰ উৎখাত কৰাৰ বাবে ব্যাপক অভিযান অসম আৰক্ষীৰ (Assam fake gold racket) ৷ লখিমপুৰৰ নাওবৈচা আৰু বঙালমৰাৰ পৰা কেইবাটাও নকল সোণ আৰু টকাৰ ব্যৱসায়ীক আটক ৷ জব্দ বৃহৎ পৰিমাণৰ ধন (Assam fake currency racket) ৷

ডিজিপিৰ হুংকাৰত কঁপিছে ক’লা সাম্ৰাজ্যৰ খলনায়কৰ বুকু; লখিমপুৰত ব্যাপক অভিযান

লখিমপুৰ, 20 মে’: SI জোনমণি ৰাভাৰ মৃত্যু পাচতেই পোহৰলৈ আহিছিল ৰাজ্যত দীৰ্ঘদিনে অব্য়াহত থকা নকল সোণ, নকল টকা আদি ক’লা বজাৰৰ ভয়ংকৰ তথ্য ৷ শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যত চলি থকা নকল সোণ আৰু নকল টকাৰ ক’লা সাম্ৰাজ্য 30 দিনৰ ভিতৰত উৎখাত কৰাৰ কথা ঘোষণা কৰে আৰক্ষী সঞ্চালক প্ৰধান প্ৰধান জি পি সিঙে (DGP GP Singh) ৷

এই ঘোষণাৰ পাচতেই এতিয়া কঁপিছে ক’লা সাম্ৰাজ্যৰ খলনায়কৰ বুকু ৷ ডিজিপিৰ কঠোৰ স্থিতিৰ পাচত ইতিমধ্য়েই ঠায়ে ঠায়ে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা নকল সোণ আৰু নকল টকাৰ অভিকেন্দ্ৰ লখিমপুৰ জিলাৰ বঙালমৰা বুলি চৰ্চিত হোৱাৰ লগতে বাতৰি সম্প্ৰচাৰ হৈ আহিছিল যদিও কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে (Fake currency racket in Assam) ৷ এনে অপৰাধীৰ সৈতে আৰক্ষীয়ে মিতিৰালি কৰা বুলিও উত্থাপন হৈ আহিছিল অভিযোগ ৷

নকল টকা আৰু নকল সোণৰ প্ৰসংগই বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ সময়তে লখিমপুৰ জিলাত শুকুৰবাৰে নিশা কলা সাম্ৰাজ্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলালে বিশ্বনাথ আৰক্ষীয়ে (Fake gold racket in Assam) ৷ লখিমপুৰৰ বঙালমৰা অঞ্চলৰ পৰা আৰক্ষীয়ে আইনুল ইছলাম, আবু খান, আনাৰুল ইছলাম,আনোৱাৰা বেগম,নজমূল হক, মুন্নাচ আলী, আবেদ আলী, তমিৰ আলী, মহিদুল ইছলাম, আমিৰ হুছেইন কে ধৰি মুঠ দহজন লোকক আটক কৰে। এই অভিযানকালত আৰক্ষীয়ে নগদ 6 লাখ 60 হাজাৰ টকা, ৪২ হেজাৰ জাল নোট, এটা নকল সোণৰ মূৰ্তি আৰু পাঁচটা ম’বাইল ফোন জব্দ কৰে ৷

উল্লেখ্য যে, শুকুৰবাৰে লখিমপুৰ আৰু নগাঁও আৰক্ষীৰ মুঠ 4গৰাকী বিষয়াৰ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল ৷ ইয়াৰ ভিতৰত আছিল নকল সোণৰ বেপাৰীৰ সৈতে মিতিৰালি থকা বুলি অভিযোগ উত্থাপন হোৱা নাওবৈচা থানাৰ IC সঞ্জীৱ বৰা ৷ সঞ্জীৱ বৰাক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাচতেই নিশা বঙালমৰা, নাওবৈচাকে ধৰি বিভিন্ন স্থানত চলিল অভিযান (SI Junmoni Rabha death case) ৷

উল্লেখ্য যে, শনিবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাকো তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়া হয় ৷ ইয়াৰ সমান্তৰালভাৱে লখিমপুৰ জিলাৰ কেইবাগৰাকীও আৰক্ষী বিষয়াকো ৰদ-বদল কৰা হয় ৷ তাৎপৰ্যপূৰ্ণভাৱে একে ঠাইতে তিনি বছৰৰ অধিক সময় আৰক্ষী অধীক্ষক হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা আৰক্ষী বিষয়াকো বদলিকৰণৰ বাবে তথ্য বিচাৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (Junmoni Rabha case update) ৷

আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা

আনহাতে, নকল সোণ আৰু নকল নকল টকাৰ সাম্ৰাজ্যৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰা এই চাফাই অভিযান কিমান ফলপ্ৰসূ হ’ব সেয়া সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:CID team in Nagaon : CID ৰ মাৰাথান জেৰৰ সন্মুখীন ধিং থানাৰ OC ৰজা ইৰ্শ্বাদ

Last Updated :May 20, 2023, 5:56 PM IST

ABOUT THE AUTHOR

...view details