অসম

assam

আৰক্ষীৰ পোচাকত চেকা; আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত তালাচী

By

Published : Sep 11, 2021, 8:20 AM IST

Police raid at excise officers house

আৰক্ষীৰ পোচাকত লাগিছে দাগ ৷ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত আটক হৈছে কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰা ৷ শুকুৰবাৰে ২৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে ধৰা পৰে হিমানজ্যোতি ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

কোকৰাঝাৰ/ নগাঁও, 11 ছেপ্তেম্বৰ :পুনৰ নগাঁও আৰক্ষীৰ তৎপৰতা ৷ শুকুৰবাৰে নগাঁৱৰ হয়বৰগাঁওস্থিত নাইটিংগল এপাৰ্টমেণ্টত নগাঁও আৰক্ষীয়ে চলাই অভিযান ৷ ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত আটক হোৱা আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ নগাঁৱস্থিত বাসগৃহত নগাঁও আৰক্ষীয়ে চলাই এই অভিযান ৷

উল্লেখ্য যে, কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীয়ে মাহেকীয়া হিচাপত ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বিৰুদ্ধে । অভিযোগ অনুসৰি, কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰা মাহেকীয়া ভিত্তিত ২৫ হাজাৰ টকা দাবী কৰাত ব্যৱসায়ীগৰাকীয়ে তদাৰকী আৰু দুৰ্নীতি বিৰোধী শাখাক এই বিষয়ে অৱগত কৰে ৷ সেই মৰ্মে শুকুৰবাৰে গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দুৰ্নীতি বিৰোধী শাখাৰ ১৪ জনীয়া দল এটাই কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাক হাতে-লোটে আটক কৰে ।

আৰক্ষীৰ পোচাকত চেকা

লগতে পঢ়ক:বন্ধ বাতিল; আকৌ উজনিৰ ৰাজপথত চলিব যাত্ৰীবাহী বাছ

এই অভিযোগৰ ভিত্তিতেই তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আটক কৰা আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ নগাঁৱস্থিত বাসগৃহত শুকুৰবাৰে নিশা পৰ্যন্ত চলাই অভিযান ৷

দুৰ্নীতি নিবাৰক শাখাৰ নিৰ্দেশ মৰ্মে, নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ পত্নী থকা বাসগৃহটোত চলাই অভিযান ৷ অৱশ্যে বিষয়াগৰাকীৰ বাসগৃহত নগদ ধন উদ্ধাৰ নোহোৱা বুলি বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে অভিযানকাৰী দলক নেতৃত্ব দিয়া উপ আৰক্ষী অধীক্ষক দীপ্তি মালিয়ে । আনকি কোনো সামগ্ৰীয়ে অভিযুক্ত আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰা নাই বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ।

আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত তালাচী

লগতে পঢ়ক:পৰিমিতা দাসৰ ঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল

অৱশ্যে অইন সম্পৰ্কীয় কি কি নথি পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে, সেই সন্দৰ্ভত মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে অভিযানকাৰী আৰক্ষীয়ে । আনহাতে, অভিযুক্ত আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ ধিং টাউনস্থিত বাসগৃহতো অভিযান চলাবলৈ আৰক্ষীৰ দলটো উপস্থিত হৈছিল ধিঙত ৷ কিন্তু ঘৰটো তলাবন্ধ হৈ থকা বাবে আৰক্ষীৰ দলটোৱে অভিযান চলাব নোৱাৰিলে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:বিক্ৰমজিৎ বৰুৱা আৰু জান বৰাৰ সন্ধান বিচাৰি মহাবাহুক পূজা আত্মীয়ৰ

ABOUT THE AUTHOR

...view details