পৰিমিতা দাসৰ ঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল

By

Published : Sep 10, 2021, 9:32 PM IST

thumbnail

ভয়াৱহ নিমাতীঘাট নাও দুৰ্ঘটনাত মৃত্যু হোৱা মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মহানগৰীৰ কাহিলীপাৰাৰস্থিত বাসভৱনত শুকুৰবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । তেখেতৰ শোকস্তব্ধ পিতৃ-মাতৃ আৰু নিকটাত্মীয়ক গভীৰ সমবেদনা আৰু সান্ত্বনা দিয়ে মন্ত্ৰীগৰাকীয়ে । সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে,পৰিমিতা দাসৰ স্মৃতি যুগমীয়া কৰা হ'ব । মাজুলিত নিৰ্মাণ কৰা হ'ব পৰিমিতাৰ স্মৃতিসৌধ । মাজুলীৰ ৰাইজৰ সৈতে আলোচনা কৰি স্মৃতিসৌধৰ স্থান নিৰ্ধাৰণ কৰা হ'ব । তেওঁ লগতে কয় যে, পৰিমিতাৰ পৰিয়ালৰ এজনক দিয়া হ'ব স্থায়ী সংস্থাপন । একেদৰে ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব নিমাতী-মাজুলী সংযোগী দলং । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে তৎপৰতাৰে আগুৱাই নিব দলং নিৰ্মাণৰ কাম । একেদৰে নিমাতীঘাটৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আগন্তুক দিনত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.