বিক্ৰমজিৎ বৰুৱা আৰু জান বৰাৰ সন্ধান বিচাৰি মহাবাহুক পূজা আত্মীয়ৰ

author img

By

Published : Sep 10, 2021, 10:08 PM IST

relatives-of-bikramjit-barua-and-jan-bora-is-praying-to-brahmaputra

বৰ্তমানেও সন্ধান নাই নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হোৱা যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱা আৰু লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ (জান) ৷ উপায়ন্তৰ হৈ মহাবাহুলৈ তামোল-পাণ আগবঢ়াই দুয়োৰে সন্ধান বিচাৰিছে দুয়ো গৰাকী সন্ধানহীনৰ আত্মীয়ই ৷

যোৰহাট,10 ছেপ্তেম্বৰ: নিমাতীঘাটত সংঘটিত হোৱা শোকাৱহ ফেৰী দুৰ্ঘটনাৰ তিনিটা দিন উকলি যোৱাৰ পাছতো সন্ধান ওলোৱা নাই যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱা আৰু লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ ৷ উদ্ধাৰকাৰী দলে নিৰন্তৰ ভাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই এই দুজন লোকৰ ৷ উপায়ন্তৰ হৈ শুকুৰবাৰে মহাবাহুৰ চৰণত তামোল-পাণ আগবঢ়াই সন্ধানহীন দুজনক সোনকালে ঘূৰাই দিবলৈ কাতৰ আহ্বান জনাইছে দুয়োৰে আত্মীয়ই ৷

বিক্ৰমজিৎ বৰুৱা আৰু জান বৰাৰ সন্ধান বিচাৰি মহাবাহুক আত্মীয়ৰ সেৱা

"তেওঁলোক যেনেকৈয়ে আছে তেনেকৈয়ে ঘূৰাই দিয়া ৷ যদি কিবা ভুল কৰিছিল ক্ষমা কৰি ল’ৰা ছোৱালী কেইটাৰ মুখলৈ চাই তেওঁলোকক ঘূৰাই দিয়া ৷" মহাবাহুৰ পাৰত কান্দি কাতি আউলি-বাউলি হৈ এনেদৰেই সন্ধানহীন আত্মীয়ৰ সন্ধান বিচাৰিছে আত্মীয়ই ৷ সন্ধানহীন দুজনৰ অসহায় আত্মীয়ৰ এনে কাতৰ আহ্বানৰ দৃশ্যই বুকু ভেদিছে সমগ্ৰ অসমবাসীৰ ৷

উল্লেখ্য যে, যোৱা 8 ছেপ্তেম্বৰত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মা-কমলা ফেৰী খনত আছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱা, লখিমপুৰৰ জান বৰা আৰু ইতিমধ্যেই মৃত্যু হোৱা পৰিমিতা দাস ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে জাঁপ মাৰি নাৱৰ কাষ চাপিও হেৰাই গ’ল বিক্ৰমজিৎ বৰুৱা ৷ আনহাতে নিজৰ পত্নীক ডুবন্ত ফেৰীৰ পৰা উলিয়াই পঠাই নিজেই নিখোজ হ'ল লখিমপুৰৰ জান বৰা ৷

বৰ্তমানৰ সময়ত এন ডি আৰ অফ আৰু এছ ডি আৰ এফৰ বৃহৎ দলে দিনে নিশাই সন্ধান চলাই আহিছে যদিও সন্ধান পোৱা নাই নিখোজ হোৱা দুৰ্ভগীয়া দুজনৰ ৷

লগতে পঢ়কঃ ফেৰী চিণ্ডিকেটত জড়িতসকলক শাস্তি প্ৰদানৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.