ফেৰী চিণ্ডিকেটত জড়িতসকলক শাস্তি প্ৰদানৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ

By

Published : Sep 10, 2021, 9:21 PM IST

thumbnail

নিমাতীঘাটৰ ফেৰী ঘটনাৰ অন্তৰালত কি আছে, সেই লৈ সংবাদমেল এক সংবাদ মেলত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্য ৷ ড৹ ভট্ৰাচাৰ্যৰ লগতে উপস্থিত থাকে কেইবাজনো সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কৰ্ম-কৰ্তা ৷ সংবাদমেলত নিমাতী নাও দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰবক্তা পৰিমিতা দাসৰ বিষয়ে উল্লেখ কৰাৰ লগতে ফেৰীখনত কিমান লোক আছিল তাৰ কোনো তথ্য নাই বুলি তেওঁ উল্লেখ কৰে ৷ ইয়াৰোপৰি দুর্ঘটনা হোৱা ফেৰীখনে কোনো ধৰণৰ সময়ৰ নিয়ম মনা হোৱা নাছিল বুলিও উল্লেখ কৰে সমুজ্জল ভট্টাচাৰ্যই ৷ ৰাইজৰ অভিযোগ সময়মতে ফেৰী এৰি নিদিয়াৰ এক চিণ্ডিকেট চলি আছে ৷ এই চিণ্ডিকেটৰ লগত জড়িত সকলক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলিও তেওঁ মত পোষণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.