বন্ধ বাতিল; আকৌ উজনিৰ ৰাজপথত চলিব যাত্ৰীবাহী বাছ

author img

By

Published : Sep 10, 2021, 10:42 PM IST

decision-to-stop-passenger-vehicles-cancelled-by-upper-assam-passenger-vehicle-owners-association

50 শতাংশ ভাড়া বৃদ্ধিৰ দাবীত অনিৰ্দিষ্টকাললৈ যাত্ৰীবাহী বাহন চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সন্মিলিত উজনি অসম বাছ মালিক সন্থাই ৷ কিন্তু শেহতীয়াকৈ উক্ত সিদ্ধান্ত সলনি কৰিছে সন্থাই ৷ সংবাদ মাধ্যমযোগে পুনৰ যাত্ৰীবাহী বাহন চলোৱাৰ কথা ঘোষণা কৰিছে সন্থাই ৷

মৰাণ, 10 ছেপ্তেম্বৰ : উজনিৰ ৰাজপথত পুনৰ চলিব যাত্ৰীবাহী বাহন ৷ মঙলবাৰে যাত্ৰীবাহী বাহনৰ মালিক আৰু চালকে যাত্ৰীৰ ভাড়া বৃদ্ধিৰ দাবীত অনিৰ্দিষ্টকাললৈ উজনি অসমত যাত্ৰীবাহী বাহন চলাচল বন্ধ ঘোষণা কৰাৰ পিছতে সংবাদ মাধ্যমযোগে পুনৰ যাত্ৰীবাহী বাহন চলোৱাৰ কথা ঘোষণা কৰিলে সন্মিলিত উজনি অসম বাছ মালিক সন্থাই ৷

সংগঠনটোৰ সাধাৰণ সম্পাদক জোন গগৈয়ে জানিবলৈ দিয়ামতে, ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বছৰে যাত্ৰীবাহী বাহনসমূহৰ চলাচল বন্ধ হৈ পৰিছিল ৷ যাৰ ফলত যাত্ৰীবাহী বাহনৰ মালিক আৰু চালকসকলৰ জীৱনলৈ ঋণৰ মাহেকীয়া কিস্তি পৰিশোধকে ধৰি পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত অনিশ্চয়তা নামি আহিছিল ৷ ইফালে অতিৰিক্ত ভাড়া আদায়ৰ নামত পৰিবহন বিভাগে চলোৱা তালাচীত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে সংগঠনটোৱে ৷

যাত্ৰীবাহী বাহন চলাচল বন্ধৰ সিদ্ধান্ত বাতিল উজনি অসমৰ যাত্ৰীবাহী বাহন মালিক সন্থাৰ

উল্লেখ্য যে, ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বিভিন্ন স্তৰৰ ব্যক্তিৰ লগতে যাত্ৰীবাহী বাহনৰ মালিক আৰু চালকসকলকো প্ৰভাৱাম্বিত কৰিছে ৷ তদুপৰি বাহনৰ যন্ত্ৰাংশ কৰ, টোলগেট আৰু যাত্ৰীৰ অভাৱে বাৰুকৈয়ে জলা-কলা খুৱাইছে ৷

এনে সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ 50 শতাংশ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছিল সন্মিলিত উজনি অসম বাছ মালিক সন্থাই ৷ কিন্তু এই সিদ্ধান্তক কাৰ্যকৰী কৰিবলৈ যোৱাৰ সময়তে একাংশ যাত্ৰীৰ অভিযোগৰ ভিত্তিত পৰিবহন বিভাগে ন্যূনতম দহৰ পৰা পোন্ধৰ হাজাৰ টকালৈকে জৰিমনা আদায় লোৱাৰ অভিযোগ তুলিছে যাত্ৰীবাহী বাহনৰ মালিক আৰু চালকে ৷ এই সন্দৰ্ভত সন্মিলিত উজনি অসম বাছ মালিক সন্থাই ভাড়া বৃদ্ধিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ পৰিমিতা দাসৰ ঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল

স্মাৰক পত্ৰখনত যাত্ৰীৰ ভাড়া বৃদ্ধি নোহোৱালৈকে জৰিমনাৰ পৰা ৰেহাই দিয়া, কৰ, বীমা আৰু নথি পত্ৰৰ সময় সীমা বৃদ্ধি কৰা, কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা 10 হাজাৰ টকা আৰ্থিক সাহায্য শীঘ্ৰে মোকলাই দিয়া, চৰকাৰে নিৰ্বাচন আৰু ক'ভিডৰ সময়ত অধিগ্ৰহণ কৰা বাহনৰ বিলসমূহ শীঘ্ৰে মোকলাই দিয়াৰ দাবী তুলিছে সন্মিলিত উজনি অসম বাছ মালিক সন্থাই৷ লগতে 7 দিনৰ ভিতৰত ভাড়া বৃদ্ধিৰ দাবী কাৰ্যকৰী নকৰিলে পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ প্ৰদান কৰিছে সন্থাটোৱে ৷

উল্লেখযোগ্য যে, সন্মিলিত উজনি অসম বাছ মালিক সন্থা, অভিযাত্ৰী ট্ৰেভেলাৰছ মালিক সন্থা, নাহৰকটীয়া, নামৰূপ, টেঙাখাট, ডিব্ৰুগড় উইংগাৰ মালিক সন্থা, ইষ্টাৰ্ন আসাম মটৰ ট্ৰান্সপৰ্ট লেবাৰছ ইউনিয়ন, ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰে এক সৌহাৰ্দমূলক আলোচনাত মিলিত হৈছিল ৷ এ পি এছ চিকে ধৰি আন কেইবাটাও পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ সিদ্ধান্ত বাতিল কৰাৰ কথা প্ৰকাশ কৰিছে সন্মিলিত উজনি অসম বাছ মালিক সন্থাই ৷

লগতে পঢ়কঃ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত যাত্ৰীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.