ETV Bharat / state

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত যাত্ৰীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা

author img

By

Published : Sep 10, 2021, 9:23 PM IST

Special arrangements for passenger safety at Ferry Ghat
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত যাত্ৰীৰ সুৰক্ষা ৰবাবে বিশেষ ব্যৱস্থা

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীসমূহ যাত্ৰী সকলৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ পৰিছে অভ্যন্তৰীণ জল পৰিবহণ বিভাগ ৷ উল্লেখ্য যে, ক'ৰণাৰ সৃষ্ট পৰিবেশৰ বাবে যোৱা ২১ মেৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সেৱা বন্ধ হৈ আছিল ।

গুৱাহাটী, ১০ ছেপ্টেম্বৰ : নিমাতীঘাটত ফেৰী দুৰ্ঘটনাৰ পিছতহে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীসমূহ যাত্ৰী সকলৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ পৰিছে অভ্যন্তৰীণ জল পৰিবহণ বিভাগ ৷ উল্লেখ্য যে, ক'ৰণাৰ সৃষ্ট পৰিবেশৰ বাবে যোৱা ২১ মে’ৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সেৱা বন্ধ হৈ আছিল ।

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত যাত্ৰীৰ সুৰক্ষা ৰবাবে বিশেষ ব্যৱস্থা

যোৱা সোমবাৰৰ পৰা চৰকাৰী নিৰ্দেশনা মতে পুনৰ আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা । মহানগৰীৰ গুৱাহাটী-উত্তৰ গুৱাহাটী ঘাট, গুৱাহাটী মধ্যমখণ্ড ঘাট, গুৱাহাটী ৰজাদুৱাৰ ঘাটৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীলৈ বুঢ়াদিয়া, নামবৰ , এম ভি পুঠিমাৰী, আৰ পি এল বাঘবৰকে ধৰি ৬ খন ফেৰী চলাচল কৰি আছে।

লগতে পঢ়ক: বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো

পুৱা ৬ পৰা নিশা ৮ বজালৈ সময় ধাৰ্য কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ । আভ্যন্তৰীণ জল পৰিবহন বিভাগ(Inland Water Transport Department)ৰ বিষয়াই সদৰী কৰা মতে, ফেৰী কেইখনত ১৫০-২০০ যাত্ৰী কঢ়িয়াব পৰা ব্যৱস্থা আছে । ঘাটকেইটাৰ পৰা চলাচল কৰা ফেৰী কেইখনত যাত্ৰীৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ লাইফ জেকেট , লাইফ বয়ৰ ব্যৱস্থা কৰা হৈছে ৷

তদুপৰি যাত্ৰীৰ নাম ঠিকনা আৰু যোগাযোগ নম্বৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী ঘাটৰ যাত্ৰী এগৰাকীয়ে কয় যে, প্ৰতি দিনে ফেৰীৰে গুৱাহাটী-উত্তৰ গুৱাহাটীলৈ অহা যোৱা কৰো । ফেৰী সমূহত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি লাইফ জেকেট লাইফ বয় ৰাখিছে যদিও বহু যাত্ৰীয়ে লাইফ জেকেট লাইফ বয় ব্যৱহাৰ কৰা পৰিলক্ষিত নহয় ।

লগতে পঢ়ক: বুঢ়ীদিহিঙত ছাত্ৰ সন্ধানহীন; SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.