বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো

By

Published : Sep 10, 2021, 3:41 PM IST

thumbnail

শুকুবাৰে পুৱা গুপ্তকাশী বিশ্বনাথ ঘাটৰ ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলীয়ে মাছ মাৰিবলৈ গৈ নদীত উটি গৈ থকা অৱস্থাত উদ্ধাৰ কৰে বেগটো । বেগটোৰ পৰা উদ্ধাৰ অধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, মেখেলা চাদৰ আৰু এটা পুৰুষৰ চাৰ্ট আছিল বেগটোৰ ভিতৰত । বেগটোৰ পৰা উদ্ধাৰ হোৱা পৰিচয় পত্ৰ সমূহ হ’ল ৰূপৰেখা বৰা, স্বামী ইন্দেশ্বৰ বৰা আৰু ঠিকনা লক্ষীমপুৰৰ । আনহাতে বিশ্বনাথ ঘাট নদী আৰক্ষীয়ে মাজুলী প্ৰশাসনৰ লগত যোগাযোগ কৰি নিশ্চিত কৰিলে যে মাজুলীৰ নিমাতীঘাটত সংঘটিত হোৱা ফেৰিৰ যাত্ৰী আছিল ৰূপৰেখা বৰা । স্বামী ইন্দেশ্বৰ বৰা এতিয়াও নৈতে সন্ধানহীন হৈ আছে যদিও গুপ্তকাশী বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছে তেওঁলোকৰ বহু সামগ্ৰী ভৰ্তি বেগটো । বেগটো গুপ্তকাশী বিশ্বনাথত উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.