অসম

assam

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এআইডিইউএফৰ গোচৰ ৰুজু

By

Published : Nov 11, 2020, 12:41 PM IST

পাকিস্তান জিন্দাবাদ ঘটনাৰ সত্যা সত্য প্ৰমাণ কৰিব নোৱাৰাৰ অভিযোগত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ মন্ত্ৰীগৰাকীয়ে ইচ্ছাকৃতভাৱে সাংসদ বদৰুদ্দিন আজমলক জনমানসত হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগ ৷ মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে উচিত ন্যয়িক তদন্তৰ দাবী ৷

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এআইডিইউএফৰ গোচৰ ৰুজু
মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এআইডিইউএফৰ গোচৰ ৰুজু

কৰিমগঞ্জ, 11 নৱেম্বৰ:এআইডিইউএফ ৰ সাংসদ বদৰুদ্দিন আজমলক জনমানসত হেয় প্ৰতিপ্ৰন্ন কৰিব খোজাৰ অভিযোগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ এআইডিইউএফ ৰ কৰিমগঞ্জ জিলা সমিতিয়ে মঙলবাৰে মন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে কৰিমগঞ্জ থানাত এক গোচৰ ৰুজু কৰে ৷ এআইডিইউএফ ৰ কৰিমগঞ্জ জিলা সমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আব্দুল হেকিম চৌধুৰীয়ে সমিতিৰ হৈ এই গোচৰ ৰুজু কৰে ৷

কৰিমগঞ্জ থানাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ

অভিযোগ অনুসৰি সাংসদ বদৰুদ্দিন আজমলক শিলচৰ বিমানবন্দৰত পাকিস্তান জিন্দাবাদ ধ্বনিৰে আদৰণি জনোৱাৰ ঘটনাৰ কোনো ভিত্তি নাই ৷ সমিতি খনে অভিযোগ উত্থাপন কৰি কয় যে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংসদ বদৰুদ্দিন আজমলক জনসাধাৰণৰ মানসত হেয় প্ৰতিপ্ৰন্ন কৰাৰ উদ্দেশ্যে প্ৰতিশোধমূলক মনোভাৱেৰে সজ্ঞানে সামাজিক মাধ্যম ফেচবুকত সাংসদ গৰাকীক লৈ এক ভিত্তিহীন প'ষ্ট কৰে ৷

কৰিমগঞ্জ থানাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ

সমিতি খনে কয় যে ইতিমধ্যে ফেচবুকে এই পষ্টৰ কোনো ভিত্তি নাই বুলি কৈছে ৷ সমিতিখনে লগতে কয় যে প্ৰকৃতাৰ্থত সেই সময়ত বিধায়ক আজিজ খান উপস্থিত থকাত আজিজ খানৰ সমৰ্থকসকলে আজিজ খান জিন্দাবাদ শ্ল'গান হে দিছিল ৷ কিন্তু সেই শ্ল'গানকেই ইচ্ছাকৃতভাৱে মন্ত্ৰী গৰাকীয়ে দেশ বিৰোধী শ্ল'গানৰ নাম দি অশান্তি বিয়পাব খুজিছে বুলি এআইডিইউএফৰ কৰিমগঞ্জ জিলা সমিতিয়ে অভিযোগ উত্থাপন কৰিছে ৷

সমিতিখনে কয় যে মন্ত্ৰী গৰাকীয়ে পাকিস্তান জিন্দাবাদ বিতৰ্কৰ সৃষ্টি কৰাৰ বহুদিন উকলি গ'ল ৷ ইতিমধ্যে ফেচবুকেও সমগ্ৰ ঘটনাক ভিত্তিহীন বুলি উল্লেখ কৰিছে ৷ মন্ত্ৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত কোনো সত্যাসত্য নিৰূপণ কৰিব নোৱাৰাক লৈ লগতে সাংসদ গৰাকীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে এইয়া মন্ত্ৰীগৰাকীৰ এক ইচ্ছাকৃত প্ৰচেষ্টা বুলি অভিযোগ কৰি সমিতিখনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচিত ন্যায়িক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এক গোচৰ ৰুজু কৰে ৷
লগতে পঢ়ক:হাগ্ৰামা যদি ক’লা মেকুৰী তেন্তে হিমন্ত ডকাইত : কোনে ক’লে ?

ABOUT THE AUTHOR

...view details