ETV Bharat / state

হাগ্ৰামা যদি ক’লা মেকুৰী তেন্তে হিমন্ত ডকাইত : কোনে ক’লে ?

author img

By

Published : Nov 11, 2020, 11:31 AM IST

তুংগত উঠিছে বিটিচিৰ নিৰ্বাচনী যুঁজ ৷ নিজ নিজ দলক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে সকলো দলীয় নেতা-কৰ্মী ৷ বাক্সা জিলাৰ ২৯ নং শুক্লাইছেৰফাং পৰিষদীয় সমষ্টিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গণেশ কছাৰীৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

hagrama mahilary
hagrama mahilary

বাক্সা, 11 নবেম্বৰ : ‘‘দিল্লী, দিছপুৰত বিজেপিৰ চৰকাৰ আছে বিটিচিত নাই । বিটিচি যুদ্ধ এতিয়া কেৱল হিমন্ত দাদা আৰু মোৰ মাজত হ’ব’’- বিটিচি নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য আগবঢ়াইছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ তুংগত উঠিছে বিটিচিৰ নিৰ্বাচনী যুঁজ ৷ নিজ নিজ দলক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে সকলো দলীয় নেতা-কৰ্মী ৷ তাৰ মাজতে দুটা মিত্ৰ দলৰ মাজতো বিটিচিৰ মচনদক লৈ চলিছে ৰণ ৷ সেয়া হ’ল বিপিএফ আৰু বিজেপি ৷ 2016 ৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলে মিত্ৰটাৰে যুঁজ দিছিল যদিও শেহতীয়াকৈ দুয়োটা দলে যেন অৱস্থান কৰিব বিচৰা নাই একেখন চালিৰ তলত ৷ হাগ্ৰামা মহিলাৰী, ৰণজিৎ দাস অথবা হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পৰাই ফুটি উঠে এই কথা ৷

শুক্লাইছেৰফাং পৰিষদীয় সমষ্টিত বিপিএফৰ মহিলা গণ সমাবেশ । বাক্সা জিলাৰ ২৯ নং শুক্লাইছেৰফাং পৰিষদীয় সমষ্টিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গণেশ কছাৰীৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । হাগ্ৰামা মহিলাৰীয়ে দিছপুৰে দিবলগীয়া ১০০ কোটিৰে বিটিচিক ৬০০ টকা হে দিলে বাকী ৪০০ ক’ত গ’ল বুলি প্ৰশ্ন কৰি হিমন্ত বিশ্ব শৰ্মাক ডকাইত আখ্যা দিয়ে । সাংসদ বিশ্বজিৎ দৈমাৰীৰ সম্পৰ্কে মন্তব্য দিয়াৰ পৰা বিৰত থাকে হাগ্ৰামা মহিলাৰীয়ে । এই সভাত মহিলাৰীৰ উপৰিও মন্ত্ৰী চন্দন ব্ৰহ্ম, অঞ্জলী দৈমাৰী, মহেশ্বৰ বসুমতাৰী, গণেশ কছাৰীৰ লগতে কেইবাগৰাকী নেতা কৰ্মী উপস্থিত থাকে ৷

হিমন্তক সমালোচনা হাগ্ৰামাৰ

উল্লেখ্য যে, মিত্ৰদল বিপিএফৰ পৰা ফালৰি কাটি এইবাৰ বিটিচি নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ ওলাইছে বিজেপি দল ৷ যাৰ পৰিপ্ৰেক্ষিতত দুই দলৰ মাজত ৰাজনৈতিকভাৱে সংঘাত সৃষ্টি হোৱাতো স্বাভাৱিক ৷ বিজেপিয়েহে বিটিচিত উন্নয়ন আনিব পাৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাচত বৰ্তমান প্ৰাক্তন মুখ্যকাৰ্যবাহী তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী সোচ্চাৰ হৈ পৰিছে মন্ত্ৰী হিমন্তৰ প্ৰতি ৷ এনে পৰিপ্ৰেক্ষিতত 21 ৰ নিৰ্বাচনত দুয়োদলৰ মিত্ৰতা অক্ষুন্ন থাকে নে নাই সেয়া হে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.