অসম

assam

ডিফুত অসামৰিক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

By

Published : May 9, 2022, 10:43 PM IST

ছাত্ৰ-ছাত্ৰীসকল সৰ্বোচ্চ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনাৰ স্বাৰ্থত ডিফুত আৰম্ভ কৰা হৈছে এটা বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ (Civil service coaching centre at Diphu) ৷ প্ৰশিক্ষণ কেন্দ্ৰটো সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় ৷ প্ৰথম অৱস্থাত সপ্তাহত ৫ দিনকৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব কেন্দ্ৰটোত ৷

Civil service coaching centre at Diphu
ডিফুত অসামৰিক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

ডিফু, ৯ মে': কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বোচ্চ অসামৰিক সেৱা ক্ৰমে ইউ পি এছচি আৰু এ পি এছচি পৰীক্ষাৰ বাবে ডিফুত এটি বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ সোমবাৰে শুভ উদ্বোধন কৰা হয় (Civil service coaching centre at Diphu)। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু গুৱাহাটী ইউনিফাইড ফাউণ্ডেশ্যনৰ(Unified foundation Guwahati) সহযোগত সোমবাৰে দিনৰ প্ৰায় ১১ মান বজাত ডিফুৰ গাহৰি আৰু কুকুৰা ফাৰ্মৰ চৌহদত ইউ পি এছচি আৰু এপিএছচি অসামৰিক সেৱাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ।

ডিফুত অসামৰিক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকল সৰ্বোচ্চ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে উক্ত পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ উচিত প্ৰশিক্ষণ লাভ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ২০২২-২৩ বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেটত ২ কোটি ২২ লাখ ২৫ হাজাৰ ২০০ টকা ধাৰ্য্য কৰা হৈছে ।

উক্ত বাজেটৰ সুবিধা অনুসৰিয়েই সোমবাৰে ডিফুত জিলাখনৰ স্থায়ী বাসিন্দা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইউ পি এছচি আৰু এ পি এছচিৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰা হৈছে বুলি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিবলৈ দিয়ে ।

তুলিৰাম ৰংহাঙে ইয়াকো জানিবলৈ দিয়ে যে, গুৱাহাটী ইউনিফাইড ফাউণ্ডেশ্যনৰ মুৰব্বী ড৹ জাফনিৰ মেহজেবিনৰ নেতৃত্বত এটি অভিজ্ঞ প্ৰশিক্ষকৰ দলে উক্ত প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰথম অৱস্থাত সপ্তাহত ৫ দিন আৰু ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰিলে ৬ দিন পাঠদান কৰা হ'ব । প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষকসকলৰ থকা-খোৱা আৰু কেন্দ্ৰটোৰ যাৱতীয় খৰছ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে বহন কৰিব বুলিও ড৹ ৰংহাঙে মন্তব্য কৰে (Free Coaching centre by KAAC at Diphu) ।

আনহাতে, ইউনিফাইড ফাউণ্ডেশ্যনৰ মুখ্য প্ৰশিক্ষক ড৹ জাফৰিণ মেহজেবিনে সাংবাদিকৰ আগত কয় যে, উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সুপ্ত প্ৰতিভাসমূহ বুটলি আনি উচিত প্ৰশিক্ষণ দি ২০২৪ চনলৈকে অতি কমতে ৫ জন আই এছ বিষয়া উলিওৱাটোৱেই প্ৰশিক্ষণ কেন্দ্ৰটোৰ লক্ষ্য আৰু উদ্দেশ্য । উক্ত প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তিৰ বাবে প্ৰাৰ্থীজনে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আৰু জাতিগত প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ।

ড৹ জাফৰিণ মেহজেবিনে পাহাৰীয়া জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সপোন সৰ্বোচ্চ অসামৰিক সেৱাৰ বাবে মুকলি কৰা উক্ত প্ৰশিক্ষণ কেন্দ্ৰটিৰ বাবে উচ্চ প্ৰশংসাৰে উপচাই পেলায় মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙক ৷ প্ৰশিক্ষণ কেন্দ্ৰটিৰ প্ৰাক্তন আই এছ বিষয়া লংকি ফাংছ, সাংসদ হৰেণ ছিং বে' আৰু বিধায়ক বিদ্যাছিং ইংলেঙেও বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক:তামুলপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

ABOUT THE AUTHOR

...view details