অসম

assam

Felicitation Program at Diphu: APSCত সাফল্য লাভ কৰা প্ৰাৰ্থীক KAACৰ সম্বৰ্ধনা

By

Published : Oct 31, 2022, 6:49 PM IST

দেওবাৰে সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য লাভ কৰা কাৰ্বি আংলং জিলাৰ ১৫ গৰাকী প্ৰাৰ্থীক দেওবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় (Felicitation Program at Diphu) ।

Felicitation Program at Diphu
APSCত সাফল্য লাভ কৰা প্ৰাৰ্থীক KAACৰ সম্বৰ্ধনা

ডিফু, ৩১ অক্টোবৰ:যোৱা 21 অক্টোবৰত ঘোষণা হ’ল 2020 চনৰ APSCৰ ফলাফল (APSC CCE final result declared) ৷ 21 অক্টোবৰৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) শুকুৰবাৰে অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিলৰ চৰকাৰী সিদ্ধান্ত বাহাল ৰখাৰ পাছতে ফলাফল ঘোষণা হয় APSCৰ (Final Results of CCE-2020 announced) ৷ ৩৩১ টা ACS, APS সহ বিভিন্ন পদৰ বাবে APSC য়ে অনুষ্ঠিত কৰিছিল পৰীক্ষা ৷

এই সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য লাভ কৰা কাৰ্বি আংলং জিলাৰ ১৫ গৰাকী প্ৰাৰ্থীক দেওবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয় (Felicitation Program at Diphu) । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যালয়ত আয়োজিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পহʼ ফুলৰ থোপাৰে প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনায় ৷

APSCত সাফল্য লাভ কৰা প্ৰাৰ্থীক KAACৰ সম্বৰ্ধনা

লগতে অসম লোকসেৱা আয়োগৰ (Assam Public Service Commission) পৰীক্ষাত সাফল্য লাভ কৰা প্ৰাৰ্থীকেইগৰাকীক এককালীন সাহাৰ্যৰ একোখনকৈ চেকো প্ৰদান কৰে । সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য (Chief Executive Member of KAAC) তুলিৰাম ৰংহাঙে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত জিলাখনৰ শিক্ষাৰ্থীসকলে লাভ কৰা এনে সফলতাত গভীৰ সন্তুষ্টি প্ৰকাশ কৰে ।

ইয়াৰ লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চিৰ পৰীক্ষাৰ বাবেও পৰিষদৰ তৰফৰ পৰা বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰা (KAAC initiates free coaching for civil service exams ) হৈছে বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ তাৰোপৰি সমাগত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (Union Public Service Commission) পৰীক্ষাতো জিলাখনৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হʼব বুলি আশা প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।

এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক দৰছিং ৰংহাং(MLA Dorsing Ronghang), পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য আদি উপস্থিত থাকে ।

লগতে পঢ়ক:Assam Arunachal Border issue : অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত অসম চৰকাৰৰ প্ৰতিনিধিৰ বিশেষ বৈঠক

ABOUT THE AUTHOR

...view details