অসম

assam

কাৰ্বি আংলঙত অনুষ্ঠিত চেক বিতৰণ কাৰ্যসূচী

By

Published : Sep 11, 2020, 9:58 PM IST

কাৰ্বি আংলঙত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, বিশেষভাৱে সক্ষম লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী আৰু চেক বিতৰণ কৰে সমাজ কল্যাণ বিভাগে ৷ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিটো আত্মসহায়ক গোট নাইবা বিশেষভাৱে সক্ষম লোকসকলক প্ৰদান কৰা হৈছে 10 হাজাৰ টকাৰ চেক ৷

Check distribution program at diphu social welfare office assam etv bharat news
চেক বিতৰণ কাৰ্যসূচী

ডিফু,11 ছেপ্তেম্বৰ: প্ৰতি বছৰৰ দৰে এইবছৰো কাৰ্বি আংলং সমাজ কল্যাণ বিভাগৰ অধীনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠন, আত্মসহায়ক গোট,বিশেষভাৱে সক্ষম আৰু বোৱা-কটা প্ৰশিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰয়োজনীয় সামগ্ৰী আৰু চেক বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ শুকুৰবাৰে ডিফুৰ ৰংখেলানস্থিত জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷

চেক বিতৰণ কাৰ্যসূচী

উক্ত সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্যা কাছে ৰংপিপী ৷ ৰংপিপীয়ে প্ৰদান কৰা ভাষণত নাৰীসকলক সমাজত আগুৱাই নিয়াৰ স্বাৰ্থত স্বেচ্ছাসেৱক সংগঠন আৰু আত্মসহায়ক গোটসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ কথা ব্যক্ত কৰে ৷ উল্লেখ্য যে,বিভাগটোৱে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিটো আত্মসহায়ক গোট নাইবা বিশেষভাৱে সক্ষম লোকসকলক প্ৰদান কৰা হৈছে 10 হাজাৰ টকাৰ চেক ৷ তদুপৰি প্ৰশিক্ষাৰ্থীসকলৰ মাজতো বিতৰণ কৰা হয় চিলাই মেচিন, ঊণ সূতা আদি ৷ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া হেলেন তেৰাঙপীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত জিলা মহিলা আয়োগৰ অধ্যক্ষা সীমা ৰংহাংপী আৰু জিলা সমাজ কল্যাণ কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী সুৰেন্দ্ৰ সাহা উপস্থিত থাকে ৷

লগতে চাওকঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details