ছয়গাঁও,3 জুন : ছয়গাঁৱত খেতিপথাৰৰ পৰা চুৰি হোৱা 9 খনকৈ চ’লাৰ প্লেট উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বুধবাৰে নিশা অভিযান চলাই ছয়গাঁৱৰ জামুগুৰিৰ পথাৰত থকা এটা খালৰ পৰা চ’লাৰ প্লেট কেইখন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বিগত 22 এপ্ৰিলত এই চ’লাৰ প্লেট কেইখন চুৰি হোৱা বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, প্ৰধানমন্ত্ৰী কৃষি সঞ্চয়ী যোজনা (PMKSY) আঁচনিৰ অধীনত ছয়গাঁৱৰ দুৰামাৰীৰ চন্দ্ৰপুৰৰ এগৰাকী কৃষকে খেতিপথাৰত পানী যোগান ধৰাৰ বাবে এই চ’লাৰ চিষ্টেম আঁচনিটো লাভ কৰিছিল ৷ কিন্তু কোনো দুৰ্বৃত্তই এই আধুনিক পানী যোগান আঁচনিখনত ব্যৱহৃত 9 খনকৈ বৃহৎ চ’লাৰ প্লেট চুৰি কৰি লৈ যায় ৷ তাৰ পাচতেই খেতিয়কজনে ছয়গাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷