অসম

assam

মথাউৰিত অবৰ্ণনীয় জীৱন কটাইছে ৰঙিয়াৰ বানত ক্ষতিগ্ৰস্ত ৰাইজে

By

Published : Sep 15, 2022, 12:01 PM IST

সুদীৰ্ঘ তিনি মাহে ৰঙিয়াৰ লোৰমা গৌৰহাটীত বৰলীয়া নৈৰ মথাউৰিত আশ্ৰয়গ্ৰহণ কৰি আছে বহুকেইটা পৰিয়ালে (Food affected people took shelter at embankment) । শেহতীয়া বানে উক্ত পৰিয়ালকেইটাৰ সা-সম্পত্তি, ঘৰ-দুৱাৰ সকলো উটুৱাই নিছে (Post flood situation in Rangia Assam)।

rangia
rangia

ৰঙিয়া, ১৫ ছেপ্টেম্বৰ : ৰাজ্যৰ চলিত বৰ্ষৰ বানত বিপৰ্যস্ত হৈছে বহু জন-জীৱন (Assam flood 2022) । সা-সম্পত্তি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিৰ লগতে বহুতৰে আকৌ ভেটি-মাটিও উছন হৈছে । ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ কাম আৰম্ভ কৰা হৈছে (flood relief by Assam Govt)। বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে চৰকাৰে এককালীন সাহায্য বিতৰণ কৰিছে ।

কিন্তু এতিয়াও এই সাহায্যই সামৰি ল'ব পৰা নাই ৰাজ্যত শেহতীয়া বানত ক্ষতিগ্ৰস্ত সকলো পৰিয়ালক । তাৰ মাজতে আকৌ উক্ত সাহায্য প্ৰদানত বহু ক্ষেত্ৰত আৰু অঞ্চলবিশেষে উপযুক্ত পৰিয়াল বঞ্চিত হোৱাৰো অভিযোগ উঠিছে । তেনে এক পৰিস্থিতি হৈছে ৰঙিয়াতো (Flood in Rangia Assam) । ৰঙিয়াৰ বানে ধোৱা লোৰমা গৌৰহাটীত নৈৰ বুকুত জাহ যোৱা পৰিয়ালসমুহক চৰকাৰৰ ফালৰ পৰা সংস্থাপনৰ ব্যৱস্থা কৰা নহ'ল (Post flood situation in Rangia Assam)।

সুদীৰ্ঘ তিনি মাহে ৰঙিয়াৰ লোৰমা গৌৰহাটীত বৰলীয়া নৈৰ মথাউৰিত আশ্ৰয়গ্ৰহণ কৰি আছে বহুকেইটা পৰিয়ালে (Flood affected people took shelter in embankment) । শেহতীয়া বানে উক্ত পৰিয়ালকেইটাৰ সা-সম্পত্তি, ঘৰ-দুৱাৰ সকলো উটুৱাই নিছে । যাৰ বাবে তীব্ৰ সমস্যা আৰু সংকটত ভুগিছে উক্ত বানাক্ৰান্ত পৰিয়ালসমূহে । ৰ'দ-বৰষুণ, ঠাণ্ডা-গৰম সকলো সময়তে মথাউৰিৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰি দিন কটাবলগীয়া হৈছে ভুক্তভোগী ৯ টা পৰিয়ালে (Rangia flood affected family sad story) ।

ৰঙিয়াৰ গৌৰহাটীত বানাক্ৰান্তৰ অবৰ্ণনীয় পৰিস্থিতি

মথাউৰিৰ ওপৰত প্লাষ্টিকৰ ত্ৰিপাল দি গোহালি সদৃশ পৰিৱেশৰ মাজত দিন কটাবলৈ বাধ্য হৈছে এইসকল দৰিদ্ৰ লোকে । উল্লেখ্য, এই পৰিয়ালকেইটাৰ কোনোৱে যদি দিন হাজিৰা কৰি নিজৰ সপোনৰ ঘৰখন সাজি লৈছিল, আন কোনোৱে আকৌ এসাঁজ খাই এসাঁজ লঘোণে থাকি হ'লেও কিবাকৈ নিজৰ ঘৰখন নিৰ্মাণ কৰিছিল । কিন্তু প্ৰলয়ংকৰী বানে তেওঁলোকৰ সপোনৰ ঘৰখন চকুৰ সন্মুখতে তচনচ কৰি পেলায় ।

সেয়েহে এতিয়া এনে দুৰ্বিষহ জীৱন কটাবলৈ বাধ্য হৈছে বানাক্ৰান্ত পৰিয়ালকেইটা । চৰকাৰৰ ফালৰ পৰা এককালীন বান সাহায্য হিচাপে বানত বিধ্বস্ত ঘৰৰ গৰাকীক ৯৫ হাজাৰ ১০০ টকাকৈ প্ৰদান কৰে যদিও বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ বাবে সেয়া পৰ্যাপ্ত নহয় । উক্ত ধনেৰে নৈৰ ওপৰত বালিহে পুতিব নে নিজৰ সপোনৰ ঘৰখন পুনৰ নিৰ্মাণ কৰিব সেই চিন্তাত এতিয়া তেওঁলোকে উজাগৰে দিন পাৰ কৰিবলগা হৈছে ।

লগতে পঢ়ক:মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে তীব্র ভাবুকি কঢ়িয়াইছে বিলখনলৈ

ABOUT THE AUTHOR

...view details