অসম

assam

Eviction in Lenga North Guwahati: উত্তৰ গুৱাহাটীৰ বেদখলী ভূমিত প্ৰশাসনৰ উচ্ছেদ

By

Published : Nov 16, 2022, 5:26 PM IST

কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবংশৰ মৌজাৰ উত্তৰ ফুলুং-দক্ষিণ লেঙা চাপৰিত চলিল প্ৰশাসনৰ বুলড'জাৰ (Eviction in North Guwahati)। প্ৰায় ২০০০ বিঘা ভূমিত চলিল অভিযান । চৰকাৰী ভূমিত বহু সন্দেহজনক লোকে দীৰ্ঘ দিনৰ পৰা বেদখল কৰি আছিল ।

Eviction in Lenga North Guwahati
উত্তৰ গুৱাহাটীৰ বেদখলী ভূমিত প্ৰশাসনৰ উচ্ছেদ

উত্তৰ গুৱাহাটী,১৬ নৱেম্বৰ :বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে (Eviction in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীতো চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । বুধবাৰে কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবংশৰ মৌজাৰ উত্তৰ ফুলুং-দক্ষিণ লেঙা চাপৰিত চলিল প্ৰশাসনৰ বুলড'জাৰ । এফালৰ পৰা ভাঙি দিয়া হ'ল বেদখলকাৰীৰ ঘৰ ।

প্ৰায় ২০০০ বিঘা চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলালে কামৰূপ জিলা প্ৰশাসনে (Eviction in North Guwahati)। আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল লগত লৈ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপৰ নেতৃত্বত চলিল এই উচ্ছেদ অভিযান ।

উল্লেখ্য যে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ বৰবংশৰ মৌজাৰ উত্তৰ ফুলুং-দক্ষিণ লেঙাৰ উক্ত চৰকাৰী ভূমিত বহু সন্দেহজনক লোকে দীৰ্ঘ দিনৰ পৰা বেদখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল (Encroachment on Govt land) । বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে স্থানীয় লোকে দীৰ্ঘ দিনৰ পৰাই দাবী জনাই আহিছিল । উচ্ছেদৰ দাবীত স্থানীয় সংগঠনসমূহেও বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল । যাৰ বাবে সষ্টম হৈছে প্ৰশাসন ।

উত্তৰ গুৱাহাটীৰ বেদখলী ভূমিত প্ৰশাসনৰ উচ্ছেদ

উচ্ছেদৰ পূৰ্বে কেইবাবাৰো সেই অঞ্চলৰ লোকসকলক প্ৰশাসনে জাননী প্ৰেৰণ কৰিছিল । কিন্তু প্ৰশাসনৰ জাননীলৈ কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল বেদখলকাৰীসকলে । যাৰ বাবে অৱশেষত বুধবাৰে পুৱাই প্ৰশাসনৰ লোকসকল সেই স্থানত উপস্থিত হৈ ঘৰ আৰু খেতিপথাৰত উচ্ছেদ আৰম্ভ কৰে (Kamrup administration eviction in encroached area)। ইফালে প্ৰশাসনৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ।

উক্ত চৰকাৰী ভূমিত গৰুখুটিৰ দৰে প্ৰকল্প গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়াইছে স্থানীয় লোকসকলে । স্থানীয় লোকসকলে অভিযোগ কৰা মতে তাত দীৰ্ঘদিনৰ পৰা একাংশ বহিৰাগতই মাটি দখল কৰি খেতি কৰি আহিছিল । আনহাতে তেওঁলোকে কৰাত যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰো অভিযোগ কৰিছে ৰাইজে ।

লগতে পঢ়ক :Man Elephant conflict: বালিজুৰিত বন্যহস্তীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details