ETV Bharat / state

Man Elephant conflict: বালিজুৰিত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Nov 16, 2022, 2:14 PM IST

নগাঁৱত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror)। বনাঞ্চলৰ পৰা নামি অহা হাতীৰ জাকক ফটকা ফুটাই বাধা দিয়াৰ চেষ্টা কৰিছে কৃষক ৰাইজে । বন বিভাগৰ লোকে কৃষকসকলক সহযোগ নকৰাৰ অভিযোগ ।

Man elephant conflict
বালিজুৰিত বন্যহস্তীৰ তাণ্ডৱ

চামগুৰি,১৬ নৱেম্বৰ : ৰাজ্যৰ বহু স্থানত খেতিয়কে বৰ্তমান ধান চপাইছে । কোনো কোনো স্থানত ধানবোৰ পকি উঠিছে যদিও কাটিবলৈ এতিয়াও বাকী আছে । এনে সময়তে প্ৰতিবছৰে পাহাৰৰ পৰা বনৰীয়া হাতীয়ে জনাঞ্চললৈ আহে । খাদ্যৰ সন্ধানত অহা হাতীয়ে প্ৰায়ে ধান খোৱাৰ লগতে খেতি পথাৰবোৰ নষ্ট কৰে (Wild elephant terror)। নগাঁও জিলাৰ বঢ়মপুৰ, চামগুৰিকে ধৰি বিভিন অঞ্চলত প্ৰতি বছৰে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱা দেখা যায় । খেতিয়কে অতি কষ্টৰে কৰা শস্য খাই তহিলং কৰে বনৰীয়া হাতীয়ে (Wild elephants destroyed crop fields)।

বালিজুৰিত বন্যহস্তীৰ তাণ্ডৱ

এইবাৰো ব্যতিক্ৰম হোৱা নাই । বনাঞ্চলৰ পৰা ধাননি পথাৰলৈ ঢাপলি মেলিছে শ শ বনৰীয়া হাতী । বঢ়মপুৰৰ বালিজুৰিতো হস্তীদণ্ডীৰে ভৈয়ামৰ পথাৰলৈ নামি আহিছে শ শ সৰু-বৰ হাতী । যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বালিজুৰিবাসী ।

অৱশ্যে বন্যহস্তীৰ জাকক বাধা দিয়াৰ প্ৰয়াস কৰিছে স্থানীয় লোকসকলে । আতচবাজী ফুটাই, জুই জ্বলাই কোনোমতে বিশাল ধাননি পথাৰত প্ৰৱেশত কোনোমতে বাধা দিছে স্থানীয় কৃষক ৰাইজে । ৰাইজে এনেদৰে দিনে-নিশাই বন্যহস্তী ৰখিবলগীয়া হোৱাত বন বিভাগৰ বিৰুদ্ধে চৰম ক্ষোভ প্ৰকাশ কৰিছে লোকসকলে (Wild elephant menace in Nagaon)।

সমীপতে থকা হাতীখলি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনবিষয়া তথা বনকৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগো উত্থাপন কৰিছে গাঁৱৰ ৰাইজে । বন বিভাগৰ লোকসকলে কৃষক ৰাইজৰ বিপদৰ সময়ত সহযোগ নকৰাৰ অভিযোগ তুলিছে । ইফালে চাপানালা উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৰা অহা বনকৰ্মীয়ে হাতীৰ জাক খেদি পঠিওৱাত স্থানীয় ৰাইজক সহযোগ কৰে যদিও বনকৰ্মীৰ সংখ্যা কম হোৱাৰ বাবে বন্যহস্তীৰ উপদ্ৰৱ ৰোধত ব্যৰ্থ হয় ।

উপায়হীন স্থানীয় কৃষক ৰাইজে অঞ্চলটোত সৌৰশক্তি চালিত ফেঞ্চিঙৰ ব্যৱস্থা কৰিবৰ বাবে সংবাদমাধ্যমৰ জৰিয়তে চৰকাৰক কাতৰ অনুৰোধ জনাইছে । উল্লেখ্য যে এই সমস্যা কেৱল বালিজুৰিবাসীৰে নহয় । ৰাজ্য ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে । যাৰ ফলত বহু সময়ত হস্তী মানুহৰ সংঘাত হোৱাও দেখা যায় ।

লগতে পঢ়ক :ANUR Trailer Released: তেজপুৰৰ বাণ থিয়েটাৰত অনুৰ ছবিৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.