অসম

assam

Bhabesh Kalita Controversy: "চোৰেহে চোৰৰ ঠেং দেখে..." কংগ্ৰেছক তুলাধুনা ভৱেশ কলিতাৰ

By

Published : Jul 30, 2023, 7:15 PM IST

ৰঙিয়াত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সকলো চিণ্ডিকেটত জড়িত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা বুলি বিস্ফোৰক মন্তব্য প্ৰকাশৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কলিতাৰ - "চোৰেহে চোৰৰ ঠেং দেখে ৷ সাপে সাপৰ ঠেং দেখে ৷ ভাৰতীয় জনতা পাৰ্টী নীতি আদৰ্শগত এটা দল ৷ কংগ্ৰেছৰ নিচিনা দল এটাৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আমাৰ প্ৰকৃততে লাজ লাগে ৷"

BHABESH KALITA REACTION ON MEERA BARTHAKUR ALLEGATION
কংগ্ৰেছক তুলা ধূনা ভৱেশ কলিতাৰ

কংগ্ৰেছক তুলাধুনা ভৱেশ কলিতাৰ

ৰঙিয়া, 30 জুলাই :"কংগ্ৰেছৰ দিনত আকাশলংঘী মূল্যবৃদ্ধি হৈছিল ৷ তেওঁলোকৰ দিনত ভ্ৰষ্টাচাৰে সীমা পাৰ হৈ গৈছিল ৷ APSC কেলেংকাৰী কংগ্ৰেছৰ দিনতেই হৈছিল ৷ সকলো ধৰণৰ চিণ্ডিকেট কংগ্ৰেছে চলাইছিল ৷ চোৰেহে চোৰৰ ঠেং দেখে ৷ সাপে সাপৰ ঠেং দেখে ৷ ভাৰতীয় জনতা পাৰ্টী নীতি আদৰ্শগত এটা দল ৷ কংগ্ৰেছৰ নিচিনা দল এটাৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আমাৰ প্ৰকৃততে লাজ লাগে ৷ কংগ্ৰেছৰ কেইজনমান নেতাই ৰঙিয়াত প্ৰতিবাদ কৰিবলৈ আহিছে সেয়া মোৰ দৃষ্টিগোচৰ হৈছে, তেওঁলোকে নিজকে প্ৰশ্ন কৰক, তেওঁলোক ক’ৰ পৰা আহিছে, তেওঁলোকৰ বেকগ্ৰাউণ্ড কি?" অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বিস্ফোৰক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

ৰঙিয়াত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সকলো চিণ্ডিকেটত জড়িত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল ৷ তাৰ পিচতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ কলিতাই লগতে কয় যে, ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰৰ পথ নিৰ্মাণত শিল-বালিৰ আৱশ্যক হোৱাত বাক্সা জিলাৰ বন বিভাগৰ ডিএফঅক এখন পত্ৰ দিছিল ৷ কিন্তু তাত কোনো অপৰাধ কৰা নাই ভৱেশ কলিতাই ৷ কোনো মহাভাৰত ওলোটাই দিয়া নাই ৷

কলিতাই কয়, ‘‘মই নিজৰ সমষ্টিৰ ৰাস্তা এটা উন্নয়নৰ বাবে নিয়মসন্মত চিঠি দিছো ৷ মই নিজৰ ব্যক্তিগত ঘৰৰ বাবে দিয়া নাই নহয় ৷ মোৰ মাটি পোতাৰ বাবে দিয়া নাই নহয় । মই গাড়ী, জেচিবি পঠোৱা নাই নহয় ৷ মোক ইমান-ইমান বস্তু লাগিব বুলি কোৱা নাই নহয় ৷ লগতে একাংশ সাংবাদিকে কথা বিলাক জানি বাতৰি কৰিব লাগে ৷ নাজানাকে কৈ দিলে সমষ্টি নহয় বুলি ৷ সাংবাদিকক কোনে অধিকাৰ দিলে মোৰ সমষ্টি কাটি দিয়াৰ বাবে ৷’’

লগতে পঢ়ক:Bhabesh Kalita: সভাপতি পদৰ পৰা আঁতৰি যাব নেকি ভৱেশ কলিতা !

ABOUT THE AUTHOR

...view details