Bhabesh Kalita: সভাপতি পদৰ পৰা আঁতৰি যাব নেকি ভৱেশ কলিতা !

By

Published : Jul 30, 2023, 6:23 PM IST

thumbnail

ৰঙিয়া,30 জুলাই : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নাম ছিণ্ডিকেটত সাঙোৰ খোৱাৰ পিচতে প্ৰথমবাৰলৈ মুখ খুলিলে বিধায়ক ভৱেশ কলিতাই ৷ এই সন্দৰ্ভত তেওঁ কয়, ‘‘মই কাকো কেৰেপ নকৰে ৷ মই মোৰ নিজৰ কাম কৰিম, সমষ্টিৰ উন্নয়নৰ কাম কৰিম ৷ দলৰ নেতৃত্বই যদি সভাপতি পদৰ পৰা আঁতৰি যাব লাগে বুলি কয় তেতিয়া আঁতৰি যাম ৷ কিন্তু তাৰ কাৰণে মোৰ কোনো অসুবিধা নাই ৷ বিজেপি দলে মোক বহুত সন্মান দিছে, দলৰ কাৰণে মই সদায় আছো ৷ দলৰ কাৰণে কাম কৰি যাম ৷ সভাপতি পদটো বেলেগ বস্তু ।’’

আনহাতে ছিণ্ডিকেটত ভৱেশ কলিতাৰ নাম সাঙোৰ খোৱাৰ পাচতে কংগ্ৰেছে ৰঙিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ অৱশেষত কংগ্ৰেছক অনাহকতে বিতৰ্কলৈ টানি নানিবলৈ সকিয়াই দি বিধায়কগৰাকীয়ে কয়, ‘‘অনাহকত কিছুমান বস্তু আমাৰ লগত উৎপন্ন কৰিব নালাগে ৷ আমি এই বিলাক লাজ পাওঁ, আমাৰ মান-সন্মান আছে ৷ কিছুমানৰ মান সন্মান নাথাকিব পাৰে ৷’’ 

লগতে পঢ়ক:Rangia Congress protest: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.