অসম

assam

World Food Safety Day: ভেজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যাৰ সমানেই পাপ; কেশৱ মহন্ত

By

Published : Jun 7, 2023, 9:55 PM IST

গুৱাহাটীত বিশ্ব খাদ্য সুৰক্ষা দিৱসত (World Food Safety Day) স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অংশ গ্ৰহণ ৷ ভেজাল খাদ্যৰ বাবে জনসাধাৰণ বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত হ’বলৈ লৈছে ৷ ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা ফল-মূল, খেতিত কীটানুনাশক-ৰাসায়নিক সাৰ প্ৰয়োগেৰে উৎপাদন কৰা শাক-পাচলি, ফৰ্মেলিন দিয়া মাছ, ষ্টেৰয়ড আদি ব্যৱহাৰ কৰা বয়লাৰ মূৰ্গীৰ মাংস আদি বিষাক্ত খাদ্যই শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায় ৷

World Food Safety Day
World Food Safety Day

গুৱাহাটী,৭ জুন: বজাৰত ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যৰ প্ৰতি নমাই অনা গুৰুতৰ ভাবুকিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ বুধবাৰে গুৱাহাটীৰ বামুনীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য গৱেষণাগাৰত আয়োজিত বিশ্ব খাদ্য দিৱসৰ ৰাজ্যিক অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ভেজাল খাদ্য সামগ্ৰীৰ পয়োভৰকলৈ শংকা ব্যক্ত কৰে (World Food Safety Day in Guwahati) ৷

খাদ্য সুৰক্ষা দিৱসত মন্ত্ৰী কেশৱ মহন্তৰ অংশ গ্ৰহণ

তেওঁ কয় যে ভেজাল খাদ্যৰ বাবে জনসাধাৰণ বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত হ’বলৈ লৈছে (Minister Keshab Mahanta) ৷ ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা ফল-মূল, খেতিত কীটনাশক-ৰাসায়নিক সাৰ প্ৰয়োগেৰে উৎপাদন কৰা শাক-পাচলি, ফৰ্মেলিন দিয়া মাছ, ষ্টেৰয়ড আদি ব্যৱহাৰ কৰা ব্ৰয়লাৰ মুৰ্গীৰ মাংস আদি বিষাক্ত খাদ্যই শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায় ৷

ভেজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যা কৰাৰ দৰেই মহাপাপ বুলি তেওঁ কয় ৷ ভেজাল তথা নিম্নমানৰ খাদ্য সামগ্ৰীৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জনসচেতনতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি তেওঁ খাদ্য সুৰক্ষা আয়ুক্তালয়কো অধিক সক্ৰিয়তাৰে কাৰ্যব্যৱস্থা গ্ৰহণৰ দিহা দিয়ে ৷ তেওঁ লগতে কয় যে খাদ্য সচেতনতাই শৰীৰ নিৰোগী কৰি ৰখাত সহায় কৰে ৷ নিয়মিত সুষম-সমতুল আহাৰ গ্ৰহণেৰে স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব পাৰি ৷ সঠিক-বিশুদ্ধ খাদ্যই জীৱনশৈলীকো সুশৃংখলিত কৰি ৰাখে বুলি সদৰী কৰি তেওঁ কয় যে সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু পৰিষ্কাৰ-পৰিচন্নতাই সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাত আমাক সহায় কৰে ৷

খাদ্য সুৰক্ষা আয়ুক্তালয় (Food safety commission), অসমে গুৱাহাটী আই আই টিৰ (IIT Guwahati) সহযোগত আয়োজন কৰা বিশ্ব খাদ্য সুৰক্ষা দিৱস-২০২৩ৰ অনুষ্ঠানটোত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, খাদ্য সুৰক্ষা আয়ুক্ত অভিজিত বৰুৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব কান্তা দাস, আই আই টি গুৱাহাটীৰ সহযোগী অধ্যাপক ড৹ সিদ্ধাৰ্থ সিং, ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ উপ সঞ্চালক জেষ্ট গাৰ্গে অংশ গ্ৰহণ কৰে ৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যত ভেজাল খাদ্য সামগ্ৰী আৰু ফৰ্মেলিনযুক্ত মাছৰ অবাধ প্ৰচলনৰ বিষয়টো বিশেষভাৱে চৰ্চাত আছে। আনকি মানৱ শৰীৰৰ বাবে ক্ষৰিকাৰক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা শাক-পাচলি বজাৰত অবাধে বিক্ৰী হৈ থকা বিষয়টোত ন্যায়ালয়ো কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:Lok Sabha Election 2024: লোকসভাত আসনৰ অংক মিলিব নে অসমৰ বিৰোধী ঐক্যৰ ?

ABOUT THE AUTHOR

...view details