ETV Bharat / state

Lok Sabha Election 2024: লোকসভাত আসনৰ অংক মিলিব নে অসমৰ বিৰোধী ঐক্যৰ ?

author img

By

Published : Jun 7, 2023, 8:43 PM IST

লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যেই তৎপৰ হৈছে বিৰোধী দলসমূহ ৷ কংগ্ৰেছে আৰম্ভ কৰিছে নতুন ৰণনীতি ৷ লোকসভাত আসনৰ অংক মিলিব নে অসমৰ বিৰোধী ঐক্যৰ ? তেজপুৰত কংগ্ৰেছ-ৰাইজৰ দল-অজাপৰ বৈঠকৰ পিচৰ সমীকৰণ কি হ’ব ? এই বিষয়ৰ ওপৰত সকলোৱে দৃষ্টি নিৱদ্ধ ৰাখিছে (Lok Sabha Election 2024) ৷

Lok Sabha Election 2024
Opposition alliance in Assam

গুৱাহাটী, ৭ জুন: ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতাক লৈ অসমত চলিছে বিৰোধীৰ ব্যাপক তৎপৰতা ৷ কংগ্ৰেছৰ নেতৃত্বত ১১ টা সৰু-বৰ ৰাজনৈতিক শক্তিয়ে আৰম্ভ কৰিছে কচৰৎ । ইয়াৰে অংশ স্বৰূপে ইতিমধ্যে তেজপুৰত কংগ্ৰেছৰে বৈঠকতো বহিছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ৷ দুয়োদলে নিজৰ স্থিতি স্পষ্ট কৰি মিত্ৰতাৰ বল এতিয়া ঠেলি দিলে কংগ্ৰেছৰ ক’ৰ্টলৈ ৷ তাৰ পিচতে এই মিত্ৰতাৰ সাম্ভাব্য প্ৰভাৱ আৰু ৰূপায়ণক লৈ কেতবোৰ ৰাজনৈতিক প্ৰশ্ন উত্থাপিত হৈছে (Opposition alliance in Assam) ৷

প্ৰশ্ন উঠিছে, সঁচাকৈয়ে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি মিত্ৰ দলক সন্তুষ্ট কৰি আগবাঢ়ি যাব পাৰিবনে কংগ্ৰেছে ? কংগ্ৰেছৰ নেতৃত্বত সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তেজপুৰত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বৈঠকত মিলিত হোৱাৰ পিচতে বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা ৷ সৰ্বভাৰতীয় পৰ্যায়তো বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ চলি আছে নীতিশ কুমাৰৰ নেতৃত্বত ৷ তাৰ মাজতেই অসমত তৎপৰ হোৱা দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC alliance with AJP) ৷

ভূপেন বৰাৰ আমন্ত্ৰণ মৰ্মে সোমবাৰে তেজপুৰত উপস্থিত হ’ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্ব ৷ দুয়োটা নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰে বৈঠকত মিলিত হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইন ৷ স্বাভাৱিকতে বৈঠকৰ বিষয় আছিল লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য ৷ বৈঠকৰ পাচত তিনিওটা দলৰ নেতৃত্বৰ ঐকমত্যত উপনীত হৈছে (APCC Raijor Dal alliance) ৷

লগতে পঢ়ক: Assam political updates: যিকোনো পৰিস্থিতিত আজমলক আদৰি ল’বলৈ বিমত বিজেপি বিৰোধী ঐক্য মঞ্চ

  1. বিৰোধী ঐক্যই পৰাজিত কৰিব পাৰিব বিজেপিক
  2. বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ এজনকৈ প্ৰাৰ্থীৰ পোষকতা
  3. ২০২৪ য়েই হ’ব বিৰোধীৰ আত্মৰক্ষাৰ শেষ সুযোগ

এ আই চি চিৰ পৰামৰ্শমতেই এই আলোচনা অনুষ্ঠিত হোৱা বুলি মন্তব্য কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ৷ তিনিওটা দলৰ নেতৃত্বই বিৰোধী ঐক্যৰ সিদ্ধান্তত ঐক্যমতত উপনীত হৈছে যদিও আসন বুজা পৰাৰ দিশত বিৰোধী ঐক্যত এতিয়াও আছে কিছু জটিলতা ৷ এনে জটিলতাৰ বাবেই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সম্ভৱপৰ হৈ নুঠিল কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা ৷ সেইবাবে বিৰোধী এতিয়াও সমালোচিত হয় ৷ বিৰোধী একত্ৰিত নোহোৱাৰ বাবেই অসমত বিজেপি দল পুনৰ শাসনলৈ অহা বুলি চৰ্চা চলা দেখা যায় (Opposition parties in Assam) ৷

ইতিমধ্যেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মন্তব্য কৰিছে যে, ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ লোকসভাত সকলো বিৰোধী মিলি এজনেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ বিৰোধীৰ উমৈহতীয়া শক্তিৰূপে নাম চৰ্চিত হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ ইয়াকে লৈ কংগ্ৰেছৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ মাজত ব্যাপক বিৰোধিতাৰ উদ্ভৱ হোৱাৰ খবৰো পোৱা গৈছে (Lok Sabha election news) ৷

লগতে পঢ়ক: Assam congress alliance : কংগ্ৰেছৰ পৰিকল্পনাই বিৰোধী ঐক্যত আউল লগোৱাৰ সম্ভাৱনা !

কংগ্ৰেছ নেতৃত্বই জনোৱা মতে, এইবাৰ কংগ্ৰেছৰ উদ্যোগত আগতীয়াকৈ আৰম্ভ হৈছে বিৰোধী ঐক্য গঠনৰ প্ৰস্তুতি ৷ কিন্তু আসন বুজাবুজিৰে বিৰোধীক সৈমান কৰাৰ দায়িত্বও এতিয়া কংগ্ৰেছৰ ক’ৰ্টত ৷ মিত্ৰ দলক প্ৰাধান্য দি মিত্ৰতাৰ ধৰ্ম কিমান দূৰলৈ কংগ্ৰেছে পালন কৰিব তাৰ প্ৰতি বিৰোধী আৰু শাসকীয় সকলো ৰাজনৈতিক শক্তিয়ে ৰাখিছে পূৰ্ণ দৃষ্টি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.