অসম

assam

শান্তি চুক্তিৰ পিচত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নস্যাৎ কৰিলে আলফাই

By ANI

Published : Dec 30, 2023, 1:16 PM IST

Ulfa peace accord: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত শুকুৰবাৰে কেন্দ্ৰ আৰু অসম চৰকাৰৰ সৈতে আলোচনাপন্থী আলফা ফৈদে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে । এই চুক্তিৰ পাচত আলফাৰ মুখপাত্ৰ তথা বৈদেশিক সচিৱ শশধৰ চৌধুৰীয়ে সংগঠনটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নুই কৰে ।

ULFA rules out contesting elections after peace agreement
শান্তি চুক্তিৰ পিচত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নস্যাৎ কৰিলে আলফাই

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ: শুকুৰবাৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ আলোচনাপন্থী ফৈদে কেন্দ্ৰ আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিচত আলফাৰ মুখপাত্ৰ শশধৰ চৌধুৰীয়ে সংগঠনটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নুই কৰে । সংবাদ মাধ্যমক সম্বোধন কৰি চৌধুৰীয়ে কয় যে আলফাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মই নাভাবো । ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হ’ব ।

"আমাৰ বাবে এইটো এটা ঐতিহাসিক দিন । আলোচনাৰ আৰম্ভণিৰ বাবে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ধন্যবাদ জনাইছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছো ।" চৌধুৰীয়ে কয় ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিয়ে ৰাজ্যখনত স্থায়ী শান্তি কঢ়িয়াই আনিব বুলি দৃঢ় মত প্ৰকাশ কৰে ।

দিল্লীত এই চুক্তি স্বাক্ষৰৰ পাচত মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ বাবে এইটো এটা ঐতিহাসিক দিন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত অসমত শান্তিৰ প্ৰক্ৰিয়া চলি আহিছে । আমি ইতিমধ্যে বড়ো, কাৰ্বি আৰু আদিবাসী বিদ্ৰোহী গোটৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছো ।" উল্লেখ্য যে, শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰ আৰু অসম চৰকাৰৰ সৈতে আলোচনাপন্থী আলফা গোটে শান্তি চুক্তিত স্বাক্ষৰ কৰে । ২৯ জনীয়া আলফাৰ আলোচনাপন্থী প্ৰতিনিধি দলত ১৬ জন আলফা সদস্য আৰু নাগৰিক সমাজৰ ১৩ জন সদস্যই এই চুক্তিত স্বাক্ষৰ কৰে ।

এই চুক্তিখন এখন গুৰুত্বপূৰ্ণ চুক্তি কাৰণ আলোচনাপন্থী আলফা ফৈদে কেন্দ্ৰ আৰু অসম চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰাৰ পিচত আলফা (স্বাধীন) ৰাজ্যখনৰ একমাত্ৰ প্ৰধান বিদ্ৰোহী সংগঠন ৷ বাংলাদেশ (পূৰ্বৰ পূব পাকিস্তান)ৰ পৰা নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আন্দোলনৰ পিচত ১৯৭৯ চনৰ এপ্ৰিল মাহত বিচ্ছিন্নতাবাদী সংগঠনআলফা গঠন হয় । ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন ফৈদে হিংসা ত্যাগ কৰি চৰকাৰৰ সৈতে বিনাচৰ্ত আলোচনাত সন্মতি দিয়াৰ লগে লগে ই দুটা গোটত বিভক্ত হয় ।

ইফালে আলফা (স্বাধীন) ফৈদক নেতৃত্ব দিয়া পৰেশ বৰুৱা এই আলোচনাৰ বিৰোধী । আলোচনাপন্থী আলফাই ভূমিৰ অধিকাৰকে ধৰি অসমৰ খিলঞ্জীয়াৰ পৰিচয় আৰু সম্পদৰ সুৰক্ষাৰ বাবে সাংবিধানিক আৰু ৰাজনৈতিক সংস্কাৰৰ দাবী কৰিছে । কেন্দ্ৰীয় চৰকাৰে এপ্ৰিল মাহত এখন চুক্তিৰ খচৰা প্ৰেৰণ কৰিছিল । ইয়াৰ পূৰ্বে আগষ্ট মাহত দিল্লীত দুয়োপক্ষৰ মাজত এক ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হৈছিল ।

চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্বে ২৬ ডিচেম্বৰত প্ৰতিনিধি দলটোৱে দিল্লীত উপস্থিত হোৱাৰ পিচৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে ধাৰাবাহিকভাৱে আলোচনাত মিলিত হৈছে । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বিগত তিনি বছৰে অসমৰ বিদ্ৰোহী সংগঠন বড়ো, ডিমাছা, কাৰ্বি, আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছে । ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আলফা আলোচনাপন্থী ফৈদক এই চুক্তি নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ আশ্বাস দিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত গঠিত এখন কমিটীয়ে অসম চৰকাৰৰ সৈতে এই চুক্তি পূৰণৰ বাবে কাম কৰিব বুলি চুক্তি স্বাক্ষৰৰ পাচত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এই কথা উল্লেখ কৰে ।

লগতে পঢ়ক:আলফাৰ সৈতে শান্তি চুক্তিয়ে অসমৰ স্থায়ী প্ৰগতিৰ পথ প্ৰশস্ত কৰিব: প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details