অসম

assam

Two manipuri people with fake currency arrest : নকল নোটেৰে ভৰি পৰিছে মহানগৰীৰ বিভিন্ন স্থান

By

Published : Dec 1, 2021, 12:47 PM IST

fake currency market in guwahati
নকল নোটসহ আৰক্ষীৰ জালত দুই মণিপুৰী যুৱক

অপৰাধৰ ঘাটিলৈ পৰিণত হৈছে মহানগৰী ৷ নকল নোটসহ আৰক্ষীৰ জালত দুই মণিপুৰী যুৱক (Two manipuri people with fake currency arrest) ৷

গুৱাহাটী, 1 ডিচেম্বৰ :ইটোৰ পিছত সিটো অপৰাধমূলক কাৰ্যই পৰিৱেশ কলুসিত কৰিছে মহানগৰীৰ (illegal activities in guwahati) ৷ শেহতীয়াকৈ বহুতো অনৈতিক কাৰ্য-কলাপৰ ঘাটি হৈ পৰিছে মহানগৰী ৷

নকল নোটসহ আৰক্ষীৰ জালত দুই মণিপুৰী যুৱক

পল্টন বজাৰ আৰক্ষীয়ে মঙলবাৰে কৰা এক অভিযানত নকল নোটসহ দুজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়(Two manipuri people with fake currency arrest) ৷ আৰ্য চিকিৎসালয়ৰ সমীপৰ হৰিশ হোটেলত পল্টন বজাৰ আৰক্ষীয়ে এক অভিযান চলাইছিল ৷ এই অভিযানত হোটেলৰ 207 নম্বৰ কোঠাত আৰক্ষীয়ে মণিপুৰৰ দুজন যুৱকৰ সৈতে নকল নোটসহ দুটা ম’বাইল ফোন উদ্ধাৰ কৰে ৷

মণিপুৰী যুৱক দুজন ক্ৰমে টেনচুবাম লিয়াইচেম্বা মেইটেই, নেপ্ৰাম সোমেন্দ্ৰো সিং ৷ আৰক্ষীয়ে যুৱক দুজনৰ পৰা 20 খন 500 টকীয়া ভুৱা নোট উদ্ধাৰ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷

লগতে চাওক :Operation against Land Mafia : চামগুৰি আৰক্ষীৰ জালত ভূ-মাফিয়া ৰফিকুল

ABOUT THE AUTHOR

...view details