অসম

assam

দিনযোৰা কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ মৃত্যু তিথি পালন

By

Published : Nov 5, 2021, 10:45 PM IST

দিনযোৰা কাৰ্যসূচীৰে শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয় সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু তিথি ৷ সুধাকণ্ঠ মৃত্যু তিথিৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে আয়োজন কৰে ভিন্ন কাৰ্যসূচীৰ ৷

TRIBUTE TO BHUPEN HAZARIKA ON HIS DEATH ANNIVERSAR
দিনযোৰা কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ মৃত্যু তিথি পালন

নিউড ডেস্ক, 5 নৱেম্বৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু তিথি ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক সমিতিৰ উদ্যোগত সুধাকণ্ঠক ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয় ৷ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ ৷

উন্মোচন কৰা গ্ৰন্থ দুখনৰ নাম "Floral Dreams" “সাধু শুনো আহা" ৷ অনুষ্ঠানটোত উপস্থিত থাকে বৰমা মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জয় বড়ো, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক সমিতিৰ সভাপতি বাবুল হুছেইন, মেদাঘাট হাইস্কুলৰ বিষয় শিক্ষক বিজয় চৌধুৰী, সৰুপেটা বি এইচ বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী সহযোগী অধ্যাপক ড° ফনীধৰ তালুকদাৰ ৷ দুপৰীয়া ভাগত ভূপেদ হাজৰিকাৰ গীত পৰিবেশন কৰা হয় ৷

টীয়ক :টীয়কৰ সামাজিক সন্থা 'বিন্দু'ৰ উদ্যোগত তথা সমূহ ৰাইজৰ সহযোগত জাঁজীমুখ ফুকনবাৰী কৃষ্টি কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় সুধাকণ্ঠৰ মৃত্যু তিথি ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত সহায়ক হোৱাকৈ এখনি আলোচনা চক্ৰ আয়োজন কৰা হয় ৷ লগতে অঞ্চলৰ কেইবাগৰাকীও কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে সুধাকণ্ঠৰ গীত পৰিবেশন কৰা হয় ৷

সৰুপথাৰ : সদৌ অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত সৰুপথাৰৰ ১ নং পদুমনি এম.ই.স্কুল প্ৰাংগনত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, বিয়লি মুকলি সভা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

কাৰ্যসূচীত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বিৰাজ তালুকদাৰ, সাধাৰণ সম্পাদক চায়দুৰ ৰহমান, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সম্পাদক দিপেন বৰা, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক অৱনী শৰ্মা, বৰপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক বিবেকানন্দ দত্তকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

মাজুলী :মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই পূব মাজুলী মহাবিদ্যালয়ৰ প্রাংগণত আয়োজন কৰে সুধাকণ্ঠৰ দশম সংখ্যক মৃত্যু তিথি ৷ এই বিশেষ দিনটোত মাজুলী ছাত্ৰ সন্থাৰ উদ্যোগত গণশিল্পী গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয় ৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এই প্ৰতিমূৰ্তি পূব মাজুলী মহাবিদ্যালয়ৰ প্রাংগনত নিৰ্মাণ কৰা হ'ব ।

জোনাই :ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাই গান্ধীৰোডত সাহিত্যনুষ্ঠান প্ৰগতি চ'ৰা উদ্যোগত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা দশম সংখ্যক মৃত্যু তিথিৰ উপলক্ষে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে লাইমেকুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তোষেশ্বৰ মিৰি আগৰৱালাই ৷ অনুষ্ঠানত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জনা টায়ুং, প্ৰগতিৰ চ'ৰাৰ সদস্য বিনয় বৰা, ৰিংকুমনি বৰশইকীয়া, নিতু ফুকন, সাংবাদিক কৰবী দলে, জোনাই বালিকা মহাবিদ্যালয় সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ লগতে জোনাইৰ বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

ইফালে, সদৌ অসম ছাত্ৰ সন্থাৰ চিমেন চাপৰি আঞ্চলিক সমিতিৰ উদ্যোগত চিমেন চাপৰি বিহুতলীত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যু বাৰ্ষিকী পালন কৰা হয় । সন্ধিয়া ৬ বজাত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পণ কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক প্ৰমোদ সন্দিকৈয়ে ৷ চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লোনা গগৈয়ে আঁতধৰা অনুষ্ঠানত ধেমাজি জিলা আছুৰ দেৱজিৎ মৰান, চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ভাস্কৰ বৰগোঁহাই আদি উপস্থিত থাকে ৷

লগতে পঢ়ক:দীঘলীপুখুৰীৰ পাৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আছুৰ

ABOUT THE AUTHOR

...view details