দীঘলীপুখুৰীৰ পাৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আছুৰ

author img

By

Published : Nov 5, 2021, 5:40 PM IST

BHUPEN HAZARIKA 10TH DEATH ANNIVERSARY

সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি দশম সংখ্যক মৃত্যু তিথি । প্ৰত্যেক বছৰৰ দৰে আছুৰ উদ্যোগত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷

গুৱাহাটী, ৫ নৱেম্বৰ : অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতিক হাড়ে হিমজুৱে ভালপোৱা সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি দশম সংখ্যক মৃত্যু তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷

দীঘলীপুখুৰীৰ পাৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

আছুৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়োজন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, উপদেষ্টা প্ৰকাশ দাস লগতে বিষয়ববীয়াসকল । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি সুধাকন্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

সাংবাদিকৰ আগত ড৹ সমুজ্জল ভট্টাচাৰ্যই কয়, ভূপেনদাৰ মৃত্যু দিনটোত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ । ভূপেন দাৰ প্ৰতিটো সৃষ্টিয়ে আমাৰ সকলোৰে সাহস । প্ৰতিটো শব্দৰ সৃষ্টিৰাজি আমি বুকুত বান্ধি জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিব লাগিব ।

লগতে পঢ়ক: শিৱ দৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূজা-অৰ্চনা

তেওঁ লগতে কয় যে, শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ভূপেন দাৰ সৃষ্টিৰাজি অন্তৰ্ভুক্তি কৰিব লাগে আৰু ভূপেন দাৰ সৃষ্টিৰাজি গৱেষণাৰ বাবে গুৱাহাটী, ডিব্ৰুগড় , তেজপুৰ বিশ্ববিদ্যালয় সমূহত আসন স্থাপন কৰিব লাগে । আমাৰ এই আহ্বানক সঁহাৰি জনাইছে চৰকাৰে । চৰকাৰৰ সিদ্ধান্ত অহা শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী কৰিবৰ বাবে আহ্বান জনাই ড৹ সমুজ্জল ভট্টাচাৰ্যই ।

তদুপৰি ভাৰতবৰ্ষৰ মূল মূল বিশ্ববিদ্যালয়ত একোখনকৈ ভূপেন হাজৰিকাৰ নামত আসন স্থাপন কৰি গৱেষণাৰ কাম আগবঢ়াই নিবলৈ চৰকাৰক দাবী জনায় ড৹ সমুজ্জল ভট্টাচাৰ্যই । গুৱাহাটীৰ ৰে'লষ্টেচন টাৰ্মিনেচন ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰা, ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি টাইম কেপচলৰ জৰিয়তে সংৰক্ষণ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই ভট্টাচাৰ্যই ৷

আনহাতে, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ভাৰতৰত্ন সুধাকন্ঠ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু তিথি জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত অনুষ্ঠিত হয় । শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ কুইন ওজা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া উপস্থিত থাকে।

লগতে পঢ়ক: আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.