ETV Bharat / city

আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী

author img

By

Published : Nov 5, 2021, 9:12 AM IST

Bharat Ratna Bhupen Hazarika remembered on his 10th birth anniversary
আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যুবাৰ্ষিকী

আজিৰ পৰা 10 বছৰ পূৰ্বে ৰাজ্যবাসীক কন্দুৱাই চিৰনিদ্ৰাত শুই পৰিছিল সকলোৰে মৰমৰ ভূপেন দাই ৷ ভূপেন দাই ৰচনা কৰা গীতসমূহ আজিও প্ৰজন্মৰ পাচত প্ৰজন্মৰ হৃদয়ত প্ৰতিধ্বনিত হৈ আছে ৷

নিউজ ডেস্ক, 5 নৱেম্বৰ : আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম শংখ্যক মৃত্যুবাৰ্ষিকী ৷ 2011 চনৰ আজিৰ দিনটোতে শেষ নিঃশ্বাস ত্যাগ কৰিছিল সুধাকন্ঠই ৷

ৰাজ্যবাসীয়ে মৰমত সুধাকন্ঠক ‘ভূপেন দা’ বুলি সম্বোধন কৰি আহিছে ৷ ভূপেন দাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত ৷ ‘যাযাবৰী’ শিপ্লীগৰাকীয়ে বিশ্বৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি মানৱজাতিৰ সাৰ্বজনীন বৈশিষ্টসমূহ অনুভৱ কৰিছিল ৷ প্ৰেম, মানৱতা, ভাতৃত্ববোধক লৈ তেওঁ ৰচনা কৰা গীতসমূহ বিশ্বৰ সকলো প্ৰান্ততে প্ৰজন্মৰ পাছত প্ৰজন্মৰ হৃদয়ত প্ৰতিধ্বনিত হয় ৷

1949 চনত ভূপেন হাজৰিকাই পি এইচ ডি ডিগ্ৰী গ্ৰহণৰ বাবে কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈছিল ৷ সেইসময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰত বৰ্ণবৈষম্য আৰু দাসত্বৰ ছবিখনৰ সৈতে সন্মুখৰ পৰা পৰিচিত হৈ ভূপেন দাই কেইবাটাও কালজয়ী গীত ৰচনা কৰিছিল ৷

ইয়াৰ ভিতৰত এটি জনপ্ৰিয় গীতৰ শাৰী আছিল এনেধৰণৰ-

"মিচিচিপিৰ পাৰতে, কপাহৰ খেতিতে

নিগ্ৰো জনে (John) বিনালে, কৈ মানুহৰ বৰণৰ কথা"

সুধাকন্ঠক 2019 চনত মৰনোত্তৰভাৱে ‘ভাৰত ৰত্ন’ বঁটাৰে সন্মানিত কৰা হয় ৷ ইয়াৰ উপৰিও তেওঁক ‘পদ্মশ্ৰী’, ‘পদ্মভূষণ’, ‘সংগীত নাটক একাডেমী’, ‘দাদাচাহেব ফাল্কে’ বঁটাৰে সন্মানিত কৰা হৈছে ৷

লগতে পঢ়ক : কি কি নতুন সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.