কি কি নতুন সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ?

author img

By

Published : Nov 4, 2021, 5:52 PM IST

decision of the assam cabinet

দুই লাখ পৰিয়ালক মাটিৰ পট্টা, কামৰূপ আৰু কামৰূপ (ম) জিলাৰ ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা "চেল পাৰ্মিছন" ৷ বৃহস্পতিবাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি নামঘৰীয়া আৰু পূজাৰী সকলেও লাভ কৰিব ক'ভিড কালীন সাহাৰ্য ৷

গুৱাহাটী, ৪ নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বৈঠকৰ অন্তত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু যোগেন মহনে ।

কেবিনেটে লোৱা সিদ্ধান্ত সমূহ হ'ল - ৰাজ্যৰ দুই লাখ পৰিয়ালক চৰকাৰে মাটিৰ পট্টা শীঘ্ৰে প্ৰদান কৰিব । এতিয়াৰে পৰা কামৰূপ আৰু কামৰূপ (ম) জিলাৰ ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা "চেল পাৰ্মিছন" জিলা উপায়ুক্তই প্ৰদান কৰিব পাৰিব । ইয়াৰ বাবে জনতা ভৱনলৈ ফাইল অহাৰ কোনো প্ৰয়োজন নাথাকিব ।

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা

একেদৰে ৰাজ্যৰ বিভিন্ন নামঘৰ আৰু মন্দিৰত স্থায়ীভাৱে কাম কৰি অহা নামঘৰীয়া আৰু পূজাৰী সকলক ক'ভিড কালীন সাহাৰ্য হিচাপে চৰকাৰে পোন্ধৰ হাজাৰ টকাকৈ এককালীন সাহাৰ্য আগবঢ়াবলৈ কেবিনেটে সিদ্ধান্ত লয় ।

আনহাতে, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী, বিধায়ক, সাংসদ, মুখ্য সচিব, বিভিন্ন আমোলা, বিষয়া, কৰ্মচাৰী সকলোৱে ৰাজ্যৰ সকলোৰে ঘৰে ঘৰে গৈ ক'ভিড ভেকচিন গ্ৰহণ কৰিছে নে নাই তাৰ খবৰ লব আৰু ইয়াৰ এক প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব ।

লগতে পঢ়ক: কালী পূজা উপলক্ষে জোনাইৰ মন্দিৰসমূহত ভক্তৰ ভিৰ

২৯ নৱেম্বৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি তোলা হব । সকলোকে একো একোটা ভোটকেন্দ্ৰৰ দায়িত্ব অৰ্পণ কৰা হ’ব । কেবিনেটে আজি এই সিদ্ধান্তও গ্ৰহণ কৰে । ঠিক একেদৰে এতিয়াৰে পৰা স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া বাচনিৰ বাবে মুখ্য সচিবৰ নেতৃত্বত এখন কমিটি গঠন কৰিবলৈও কেবিনেটে অনুমোদন জনায় ।

প্ৰায় এঘাৰ লাখ মহিলাই মাইক্ৰ'ফাইনেঞ্চৰ পৰা লোৱা ঋণৰ পৰা মুক্তি দিবলৈ ২৮,২৯ আৰু ৩০ নৱেম্বৰত তেওঁলোকক চেক বিতৰণ কৰা হব ৯ খন জিলাত । সৰ্বাধিক ২৫ হাজাৰ টকালৈকে এই চেক দিয়া হ’ব । প্ৰথম পৰ্যায়ত চেক প্ৰদান কৰিবলগীয়া জিলা কেইখন হ'ল- গোলাঘাট, শিৱসাগৰ, শোণিতপুৰ, মাজুলী, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, দক্ষিণ শালমাৰা, চৰাইদেউ আৰু যোৰহাট ।

লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.