অসম

assam

বেদখলকাৰীক 6 বিঘাকৈ ভূমি আৱন্টন কৰি পুৰস্কৃত কৰা হৈছে নেকি ?

By

Published : Sep 26, 2021, 8:06 PM IST

অসম ভূমি বেদখল আইন ২০১০ ৰ অধীনত ভূমি বেদখল কৰাটো এটা দণ্ডনীয় অপৰাধ । সেই অপৰাধীৰ শাস্তি ৫ বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে । এফালে, বেদখল কৰাটো অপৰাধ হয়েই, তাৰ উপৰি গৰুখুটিত বেদখলকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰি পুনৰ এটা নতুন অপৰাধ কৰিলে আৰু ১১ জন পুলিচক আহত কৰিলে । এনে পৰিস্থিতিত অবৈধ বেদখল কাৰীক ৬ বিঘাকৈ ভূমি আৱণ্টন কৰাটো বেদখলকাৰীক পুৰস্কৃত কৰা হোৱা বুলি মত পোষণ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । সবিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

supreme-court-senior-advocate-upamanyu-hazarikas-take-on-garukhuti-incident
বেদখলকাৰীক 6 বিঘাকৈ ভূমি আৱন্টন কৰি পুৰস্কৃত কৰা হৈছে নেকি ?

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদৰ ঘটনাই দুটা নতুন দিশ উদঙাই দিলে । এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । দেওবাৰে এই প্ৰসংগত মন্তব্য আগবঢ়াই হাজৰিকাই কয় যে, অভিযানত দুজনকৈ লোক নিহত হোৱাতো অত্যন্ত দুৰ্ভাগ্যজনক । চৰকাৰী উচ্ছেদ অভিযানত এনেদৰে নিহত হ’ব নালাগিছিল আৰু আগন্তুক দিনতো এনেকুৱা হ’ব নালাগে ।

এই ঘটনাই এটা কথা স্পষ্ট কৰিলে যে, খিলঞ্জীয়াৰ অস্তিত্ব বজাই ৰাখিবলৈ ভূমি, চাকৰি, বণিজ্যিক ব্যৱস্থা, সম্পদ আদিৰ আইনগত সংৰক্ষণৰ বিকল্প নাই, যি ইতিমধ্যে অসম চুক্তিৰ ৬ নং দফা কমিটিয়ে প্ৰতিবেদনত চৰকাৰক প্ৰস্তাৱ দিছে । এনে আইনী ব্যৱস্থা হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো বেদখলকাৰীক ৬ বিঘা কৈ ভূমি আৱণ্টন দিব নোৱাৰিব । তেওঁ আৰু কয় যে, গৰুখুটিৰ ঘটনাই দুটা নতুন দিশ উদঙাই দিলে ।

বেদখলকাৰীক 6 বিঘাকৈ ভূমি আৱন্টন কৰি পুৰস্কৃত কৰা হৈছে নেকি ?

প্ৰথম, কোনো পৰিস্থিতিত আৰক্ষীৰ সন্মুখীন হ’লে খিলঞ্জীয়া সকলে শান্তিপূৰ্বকভাৱে নিজকে সংযত কৰে ৷ আন্দোলনৰ ক্ষেত্ৰতেই হওক বা উচ্ছেদৰ ক্ষেত্ৰতেই হওক, যি আমি লাইকা দধীয়া, আমচাং ইত্যাদিত দেখা পাইছোঁ । কিন্তু বাংলাদেশী মূলৰ মানুহে সদায় হিংসাৰ আশ্ৰয় লৈ আহিছে । আনকি ২০১০ চনত আমছুৰ নেতৃত্বত যোৱা সমদলে বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয় জ্বলাই এন আৰ চি পাইলট প্ৰজেক্ট স্থগিত কৰাইছিল ।

গৰুখুটিৰ চুবুৰীয়া এলেকা ধূলাত ২০১৮ চনৰ জানুৱাৰী মাহত একেই আমছুৰ এটা প্ৰতিবাদী সমদলে আৰক্ষী থানাত আক্ৰমণ কৰিছিল, যত ৩ জন আক্ৰমণকাৰী নিহত হৈছিল । দ্বিতীয়তে, বেদখলকাৰী উচ্ছেদ হ'লেও, পুনৰ সেই ঠাইতে বা তাৰ চুবুৰীয়া এলেকাতে সংস্থাপন পায় । বেদখলকাৰীয়ে অপৰাধ, বে-আইনী কাম কৰিলেও শাস্তি নাপায়, বৰং সাহায্য আৰু সংস্থাপনহে পায় । কাজিৰঙা, বান্দৰডুবি আদিত পাঁচ বছৰৰ আগতে উচ্ছেদ হোৱাসকল এতিয়া চুবুৰীয়া এলেকাতে আছে ।

অসম ভূমি বেদখল আইন ২০১০ ৰ অধীনত ভূমি বেদখল কৰাটো এটা দণ্ডনীয় অপৰাধ । সেই অপৰাধীৰ শাস্তি ৫ বছৰ পৰ্যন্ত কৰাবাস হ'ব পাৰে । এফালে, বেদখল কৰাটো অপৰাধ হয়েই, তাৰ উপৰি গৰুখুটিত বেদখলকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰি পুনৰ এটা নতুন অপৰাধ কৰিলে আৰু ১১ জন পুলিচক আহত কৰিলে । এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ মুকলি ঘোষণা যে অবৈধ বেদখল কাৰীক ৬ বিঘা কৈ ভূমি আৱণ্টন কৰিব, এটা নাভূত নাশ্ৰুত কথা । দুটাকৈ অপৰাধ কৰাৰ পিছত দণ্ড দিবলৈ এৰি চৰকাৰে অপৰাধীক পুৰস্কৃতহে কৰিলে বুলিও মন্তব্য কৰে উপমন্যু হাজৰিকাই ।

ইয়াৰোপৰি, যদি অবৈধ বেদখলকাৰী অপৰাধীক ভূমি আবণ্টন দি পুৰস্কৃত কৰিবই লাগে তেন্তে উচ্ছেদৰ নাটক কৰিলে কিয় বুলিও প্ৰশ্নৰ উত্থাপন কৰে তেওঁ ৷ NRC ৰ বিফলতা, অসমৰ লাখ লাখ বিঘা চৰকাৰী আৰু বনাঞ্চলৰ ভূমি বাংলাদেশী বেদখলকাৰী কবলত, এনে পৰিস্থিতিত খিলঞ্জীয়াৰ বাবে ভূমি, চাকৰি , বাণিজ্যক ব্যৱস্থা, সম্পদ ইত্যাদিৰ সংৰক্ষণ হ’লেহে অসমৰ ১১৫ টা খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হ’ব । নহ’লে ২০৪০ ৰ ভিতৰত সংখ্যালঘু হোৱাটো নিশ্চিত বুলিও স্পষ্টকৈ উল্লেখ কৰে হাজৰিকাই ।

তেওঁ কয়, ''এই প্ৰস্তাৱ মই ২০১৫ চনৰ উচ্চতম ন্যায়ালয়ত দিয়া প্ৰতিবেদনত দিছিলোঁ, আৰু বৰ্তমান চৰকাৰে গঠন কৰা অসম চুক্তিৰ ৬ নং দফা সমিতিয়ে প্ৰতিবেদনত একে প্ৰস্তাৱ বিস্তাৰকৈ বিশ্লেষণ কৰি যুক্তি সহকাৰে দিলে । আজিৰ দিনত যি কোনো বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব বৈধ বা অবৈধভাৱে লাভ কৰিলেও খিলঞ্জীয়া নাগৰিকৰ লগত সম অধিকাৰ পোৱাৰ বাবে বিনাদ্বিধাই বেদখল কৰিবলৈ সাহস কৰে । যদি আইনগতভাৱে ভূমি খিলঞ্জীয়া নাগৰিকৰ বাবে সংৰক্ষণ কৰা হয়, সেই বেদখলকাৰী বাংলাদেশীয়ে তেতিয়া ভূমিৰ ওপৰত কোনো অধিকাৰ পোৱা সম্ভাৱনা নাই ।''

ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে কয় যে, সংৰক্ষণ ব্যৱস্থা আইনগত ভাৱে প্ৰণয়ন কৰিলে খিলঞ্জীয়াৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ লাভ হ’ব যে ভোটৰ প্ৰলোভনত বেদখলকাৰী বাংলাদেশীৰ স্বাৰ্থত কাম কৰা নেতাসকলৰ হাত বন্ধা যাব । এনে আইন ব্যৱস্থা হ’লে হিমন্ত বিশ্ব শৰ্মাইয়ো বেদখলকাৰীক ৬ বিঘা কৈ ভূমি আৱণ্টন কৰাৰ কথা উল্লেখ কৰিবই নোৱাৰিব বুলিও মন্তব্য কৰে উপমন্যু হাজৰিকাই ।

লগতে পঢ়ক :গৰুখুটিত ধন সংগ্ৰহকাৰী কোন এই দালাল ?

ABOUT THE AUTHOR

...view details