গৰুখুটিত ধন সংগ্ৰহকাৰী কোন এই দালাল ?

author img

By

Published : Sep 26, 2021, 4:17 PM IST

Six dalal identified at garukhuti indicent

আজিও উত্তাল হৈ আছে ছিপাঝাৰৰ গৰুখুটি ৷ এই উত্তেজনা মাৰ নৌযাওঁতেই পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ চৰকাৰী চোৰাংচোৱাৰ হাতত আহি পৰিছে ছিপাঝাৰৰ গৰুখুঁটি কাণ্ডৰ মূল অভিযুক্ত স্বৰূপ ৬ টা দালাল ৷

দৰং,26 ছেপ্তেম্বৰ: চৰ্চাত ছিপাঝাৰৰ গৰুখুটি কাণ্ড ৷ এতিয়াও উত্তেজনা মাৰ যোৱা নাই ছিপাঝাৰৰ গৰুখুটি কাণ্ডৰ ৷ এই উত্তেজনাৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদিত পৰিয়ালৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰিছিল এটা দালাল চক্ৰই । উচ্ছেদ পৰা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে এটা ২৫ জনীয়া দালাল চক্ৰই গৰুখুঁটিৰ প্ৰায় ৬০ টা পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিল এই ধন ৷ এই অভিযোগ তৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: বৰপেটাত AIUDF ৰ নেতা-কৰ্মীৰ মৌন প্ৰতিবাদী সমদল

ইতিমধ্যে গৰুখুটিৰ ঘটনাক উচটনি দিয়াৰ আঁৰত থকা ৬ জন লোকক চিনাক্ত কৰিছে আৰক্ষী তথা প্ৰশাসনে । আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ তৰিছে যে, একাংশ লোকে গৰুখুটিৰ অবৈধ দখলকাৰীসকলৰ পৰা PFI (Popular Front of India) য়ে ধন লৈ উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰীয়ে দাবী কৰা গৰুখুটিৰ অভিযুক্ত দালাল কেইটাক বৰ্তমান চিনাক্ত কৰা হৈছে ৷ অভিযোগ অনুসৰি, গৰুখুটিৰ ঘটনাৰ লগত জড়িত ছয়জনৰ নাম ইতিমধ্যে চৰকাৰী চোৰাংচোৱাৰ হাতত আহি পৰিছে ৷

তেওঁলোক হৈছে নাজিৰ হুছেইন চৰকাৰ (প্ৰবক্তা, খাৰুপেতীয়া কলেজ), চৰিফুল ইছলাম (CFI), জিয়াৰুল হক (ITEHAD FRONT), নুৰ হুচেইন (ITEHAD FRONT), আবদুৰ ৰহমান বিশ্বাস (উপ সভাপতি, AAMSU), আইনুদ্দিন আহমেদ (উপদেষ্টা, AAMSU) ৷ উল্লেখ্য যে, এই ঘটনাৰ লগত জড়িত আটাইকেইজন অভিযুক্তকে শীঘ্ৰেই আটক কৰাৰ দাবী তুলিছে দৰং জিলা ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.