অসম

assam

Gandhi Fagla Released: উন্মোচনৰ পূৰ্বেই বহুচৰ্চিত ‘গান্ধী ফাগ্লা’ এতিয়াৰে পৰা পাঠকৰ হাতত

By

Published : Dec 4, 2022, 6:34 PM IST

উন্মোচিত হ’ল নীলোৎপল বৰুৱাৰ বহুচৰ্চিত গল্প সংকলন ‘গান্ধী ফাগ্লা’ (Gandhi Fagla Released)৷ উন্মোচনী অনুষ্ঠান হৈ পৰিল অভূতপূৰ্ব ৷

Gandhi Fagla Released
উন্মোচনৰ পূৰ্বেই বহুল চৰ্চিত ‘গান্ধী ফাগ্লা’ এতিয়াৰে পৰা পাঠকৰ হাতত

নিউজ ডেস্ক, 4 ডিচেম্বৰ : ইণ্টাৰনেটে গ্ৰাস কৰা পৃথিৱীত আজিও বহু পাঠক ৰৈ থাকে একোখন মননশীল গ্ৰন্থৰ বাবে ৷ গান-চিনেমাৰ দৰেই একোখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান হ’ব পাৰে লোকাৰণ্য ৷ বহুচৰ্চিত একোখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত ভিৰ হ’ব পাৰে লেখক, সমালোচক, শিল্পী, নাট্যকাৰ, গল্পকাৰ, কবি, ঔপন্যাসিক, অভিনেতা-অভিনেত্ৰীৰ ৷

উন্মোচনৰ পূৰ্বেই বহুল চৰ্চিত ‘গান্ধী ফাগ্লা’ এতিয়াৰে পৰা পাঠকৰ হাতত

'শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা' গ্ৰন্থৰ জৰিয়তে পাঠক সমাজৰ আপোন হৈ পৰা নীলোৎপল বৰুৱাৰ নৱতম গ্ৰন্থ ‘গান্ধী ফাগ্লা’ অলপতে উন্মোচন কৰা হয় ৷ 2 ডিচেম্বৰত(Gandhi Fagla Released) গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হোৱা গ্ৰন্থ সংকলন ‘গান্ধী ফাগ্লা’ৰ বাবে দেখা গ’ল অভূতপূৰ্ব পৰিৱেশ ৷ সততে গ্ৰন্থ উন্মোচনী সভাত পূৰ্বে নেদেখা এক পৰিৱেশে বিৰাজ বিৰাজ কৰিলে ৷ আসনৰ নাটনিৰ বাবে প্ৰেক্ষাগৃহৰ বাহিৰতে থিয় হৈ ৰ’বলগীয়া হ’ল বহু অতিথি ৷

উল্লেখ্য যে, গল্পকাৰ হিচাবে নীলোৎপল বৰুৱা বুদ্ধিদীপ্ত পাঠকৰ অতি পৰিচিত ৷ নীলোৎপল বৰুৱাৰ(Author Nilutpal Baruah) গল্পত দেখা যায় বাস্তৱতা ৷ ভাষাৰ সুকীয়া ব্যৱহাৰ আৰু কাহিনীকথনৰ অগতানুগতিক শৈলীৰে নীলোৎপল বৰুৱাই গল্পসমূহ জীয়াই তোলা বুলি চৰ্চিত হৈ আহিছে পাঠক সমাজত ৷

বৰুৱাৰ 14 টা বচা বচা গল্পৰ সংকলন ‘গান্ধী ফাগ্লা’ ইতিমধ্যে ৰাজ্যৰ গ্ৰন্থমেলাসমূহত উপলব্ধ হৈছে ৷ আলিবাট প্ৰকাশনে প্ৰকাশ কৰাৰ লগতে অসমীয়া ভাষা আৰু চফটৱেৰ বিকাশ কেন্দ্ৰই বিতৰণ কৰা গ্ৰন্থখন www.kittap.inত ৱেৱচাইটতো ইতিমধ্যে উপলব্ধ হৈছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে নীলোৎপল বৰুৱাই লিখি উলিওৱা 'শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা' গ্ৰন্থখনে'(Shukracharya Rabha: Yatra Aaru Matra) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা', 'সাহিত্য বঁটা' আদি কেইবাটাও বঁটা লাভ কৰিছিল ৷ তদুপৰি গ্ৰন্থখন ইংৰাজীলৈও অনূদিত হৈছিল ৷ আনহাতে এজন গীতিকাৰ হিচাবেও পৰিচিত নীলোৎপল বৰুৱা ৷

লগতে পঢ়ক :Majuli Connecting Bridge : মাজুলী-লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন ৰণোজ পেগুৰ

ABOUT THE AUTHOR

...view details