গুৱাহাটী,১৮ নৱেম্বৰ:লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতি আজমলক লৈয়ে আগবাঢ়িছে । বিৰোধীয়ে বেলেগ ইছ্যু লৈ আগবাঢ়িবলৈ চেষ্টা কৰিলেও ঘূৰি ঘূৰি আকৌ ব্যস্ত হ'বলগীয়া হৈছে আজমলক লৈ ৷ আজমলেই যেন হৈ পৰিছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ অসমৰ শাসক-বিৰোধীৰ ৰাজনীতিৰ প্ৰেক্ষাপট । এফালে আকৌ আজমলৰ এটাৰ পিছত আন এটা মন্তব্যই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ৷
শেহতীয়াকৈ আজমলৰ চেলেং-চাদৰ অপমান বিতৰ্কৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজমলক লৈ বিশেষ মন্তব্যৰে বিতৰ্কৰ সূচনা কৰিছে । লগে লগে মন্ত্ৰীৰ পৰা বিজেপিৰ নেতা-বিধায়কলৈ সকলো জপিয়াই পৰিছে আজমল বিতৰ্কত । আজমল এক ব্যক্তি নহয়, আজমল অসমীয়া জাতিৰ বিৰুদ্ধে থকা এক নেতিবাচক প্ৰতীক বুলি ব্যাখ্যা আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ বক্তব্যক আগবঢ়াই লৈ গৈছে তেঁওৰ মন্ত্ৰীগণৰ লগতে বিজেপিৰ নেতা-বিধায়কে ।
ইয়াৰ পাছতেই বিৰোধীৰ স্পষ্ট মত "বিতৰ্কৰ ৰাজনৈতিক ফিল্ডত আজমলক নমাই দিছে খোদ মুখ্যমন্ত্ৰীয়েই ৷" দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিস্ফোৰণ ঘটাই কৈছিল, 'আজমল এটা প্ৰতীক ৷ আজমলহঁতৰ ভিতৰত অসমীয়াৰ ভাষাৰ বিৰুদ্ধে কোৱা খালেকহঁতো আছে । এই হিমন্ত বিশ্ব শৰ্মা মৰি গ'লেও অসমীয়াই আৰু ১০০ বছৰলৈ আজমলহঁতৰ সৈতে যুজিব লাগিব ৷ যুঁজি যোৱাৰ বাদে বেলেগ বিকল্প নাই অসমীয়াৰ ৷ এই আজমলহঁতৰ মাটি দখল কৰা মানুহ আছে । আমাৰ যিটো লেণ্ড জেহাদ বুলি কয়, লাভ জেহাদ বুলি কয়, সেইবোৰ আজমলহঁতত আছে।"
এনেদৰে শেহতীয়াকৈ যোৱা বুধবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেলেং-চাদৰৰ প্ৰতি আজমলে কৰা অপমান প্ৰসংগত বিতৰ্ক সৃষ্টি কৰা মন্তব্য আগবঢ়ায় । মুখ্যমন্ত্ৰীৰ এই মন্তব্যক ব্যাখ্যা আৰু সমৰ্থনেৰে আগবঢ়াই লৈ যায় মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংহালৰ পৰা বিধায়ক দিগন্ত কলিতা, ৰূপজ্যোতি কুৰ্মী আদিয়ে । যাৰ ফলত আজমল প্ৰসংগত পুনৰ সৰৱ হ'বলৈ বাধ্য হয় বিৰোধী শিবিৰো । সৰৱ হৈ পৰে গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি অখিল গগৈ, লুৰিনজ্যোতি গগৈলৈকে । কেৱল আজমলৰ বিৰুদ্ধেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰে আজমলৰ গভীৰ সম্পৰ্কৰ অভিযোগেৰে বিৰোধীয়ে আজমল বিতৰ্কত সোমাই পৰিবলৈ বাধ্য হয় ৷
এইক্ষেত্ৰত অখিল গগৈৰ স্পষ্ট মত যে বিজেপিয়েই আজমলক ফিল্ডত নমাইছে ৷ এই সন্দৰ্ভত অখিল গগৈয়ে কয়, "অসমতো বিৰোধীৰ ঐক্য দেখি বিজেপিয়ে ভয় খাইছে । বিজেপিয়ে টেনচন খাইছে । নহ'লে বদৰুদ্দিন আজমলক বিজেপিয়ে ফিল্ডত নমাইছে কিয় ? চেলেং-চাদৰ দলিওৱাৰ পৰা যিমান বিলাক বক্তব্য সকলো ফিটিং বক্তব্য সেয়া আপোনালোক সকলোৱেই জানে ৷ কিন্তু যেতিয়া নিৰ্বাচন আহে তেতিয়া বদৰুদ্দিন আজমল নামৰ এজন লোকক ওপৰলৈ তুলি দিয়ে ৷"