মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা, তেজপুৰতো হ’ব চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:09 PM IST

thumbnail

তেজপুৰ, 18 নৱেম্বৰ : শনিবাৰৰ পৰা তেজপুৰ মেডিকেল কলেজত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ষ্ট্ৰোক মেনেজমেন্ট শীৰ্ষক কৰ্মশালা ৷ আজিৰে পৰা আৰম্ভ হোৱা কৰ্মশালাখনি উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ উক্ত অনুষ্ঠানৰ পাচত মন্ত্ৰী মহন্তই কয় যে, গুৱাহাটীৰ পাচত ৰাজ্যৰ পাঁচটাকৈ স্থানত চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰা হ’ব ৷ তেজপুৰতো এখন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে লোকসভা নিৰ্বাচনত আসনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘লোকসভা নিৰ্বাচনৰ বাবে অগপ সম্পূৰ্ণভাৱে সাজু হৈছে ৷ বৰ্তমানলৈকে কোন কোন সমষ্টিত অগপ দলৰ পৰা প্ৰাৰ্থী দিয়া হ’ব সেয়া সিদ্ধান্ত লোৱা হোৱা নাই ৷ আসন বাবে আমি মিত্ৰ দল বিজেপিৰ সৈতে আলোচনা কৰি আছো ৷ দুই এদিনতে সকলো স্পষ্ট হ’ব ৷’’

লগতে পঢ়ক:APCC leader Bhupen Borah: গৌৰৱ গগৈৰ বাবে ধৰ্ম সংকটত পৰিছে ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.