APCC leader Bhupen Borah: গৌৰৱ গগৈৰ বাবে ধৰ্ম সংকটত পৰিছে ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 5:35 PM IST

Updated : Nov 13, 2023, 7:03 PM IST

thumbnail

তেজপুৰ, 13 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ ৷ আৰম্ভ হৈছে দল ত্যাগ আৰু যোগদানৰ ৰাজনীতি ৷ বিশেষকৈ নগাঁৱৰ কংগ্ৰেছৰ নেতা সুৰেশ বৰাই বিজেপিত যোগদানৰ পাচতে অধিক তীব্ৰতৰ হৈছে শাসক বিৰোধীৰ মাজত বাকযুদ্ধ ৷

ইফালে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সুৰেশ বৰাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়,‘‘তেজপুৰত বিজেপিৰ বিভিন্ন নেতা আমাৰ দলত যোগদান কৰিলে ৷ তাৰ বাতৰি নোলাল ৷ যদি বিজেপিৰ নেতা কংগ্ৰেছত যোগদান কৰা বুলি শুনে তেতিয়া হ’লে তেওঁলোকে চিনি নাপায় বুলি কয় ৷ কিন্তু কংগ্ৰেছ দলৰ এজন নেতা বিজেপিত যোগদান কৰাৰ বাতৰি 3-4 দিন বাতৰিৰ শিৰোনাম দখল কৰে ৷ এই সকলোবোৰ ৰাইজে দেখি আছে ৷’’

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ গৌৰৱ গগৈক ক’ত প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু ভূপেন বৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয়, ‘‘সাংসদ গৌৰৱ গগৈক কোন সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব তাক লৈ মই ধৰ্ম সংকটত পৰিছো ৷ কাৰণ তেওঁৰ অনুৰাগী সকলো স্থানতে আছে ৷ সেয়ে যোৰহাট নে কাজিৰঙা সেয়াই এতিয়াই কোৱা কঠিন ৷  কিন্তু তেওঁ লোকসভা নিৰ্বাচন খেলিব সেয়া নিশ্চিত ৷ মই লোকসভাত নেখেলো ৷ দলকহে খেলাম ৷ ’’

সোমবাৰে তেজপুৰত উপস্থিত হোৱা বৰাই কয় যে কংগ্ৰেছৰ চৰকাৰ যদি আহে তেতিয়া হ’লে দুৰ্নীতিৰ বিৰুদ্ধে  তদন্ত কৰা হ'ব ৷ 

লগতে পঢ়ক:Assam Sanskritik Mahasangram : শোণিতপুৰত আৰম্ভ সাংস্কৃতিক মহাসংগ্ৰাম

Last Updated : Nov 13, 2023, 7:03 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.