অসম

assam

জলসম্পদ বিভাগৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলোৱা ধৃত দালালৰ বিস্ফোৰক মন্তব্য

By

Published : Sep 13, 2022, 5:06 PM IST

গুৱাহাটীত সোমবাৰে জলসম্পদ বিভাগৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলোৱা এটা বৃহৎ চক্ৰ ধৰা পৰিছে । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৭ অভিযুক্তক (Broker detained by Dispur Police) ৷ এতিয়াও পলাতক দালাল চক্ৰৰ মূল অভিযুক্ত । ইয়াৰ মাজতে সংবাদমাধ্যমৰ আগত ধৃত দালালৰ বিস্ফোৰক মন্তব্য ।

Police
ধৃত চাকৰিৰ দালালৰ বিস্ফোৰক মন্তব্য

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ :চাকৰিৰ তিনি দালালৰ সন্ধানত অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Guwahati police raid against Job broker)। গুৱাহাটীৰ লগতে বকোৰ বিভিন্ন অঞ্চলতো সোমবাৰে নিশা অভিযান চলাই দিছপুৰ আৰক্ষীয়ে । দালাল তিনিটা ক্ৰমে ৰফিকুল হুছেইন, আজিজুৰ হক আৰু কুহিৰাম ডেকা বুলি জানিব পৰা গৈছে । নিশা অভিযানৰ সময়ত আৰক্ষীয়ে তিনিখনকৈ চাৰিচকীয়া বাহন জব্দ কৰে ।

বাহন কেইখন ক্ৰমে নিচান মাইক্ৰা (Nissan Micra), ৱাগনাৰ (Wagnor) আৰু স্কৰ'পিঅ' (Scorpio) । জানিব পৰা মতে ধৃত চাকৰিৰ দালাল নয়ন শইকীয়াৰ পত্নী বৰ্ণালী বৰুৱা শইকীয়াৰ নামত আছে AS-01-DQ-6162 নম্বৰৰ নিচান মাইক্ৰা আৰু AS-01-BT-2423 নম্বৰৰ স্কৰ'পিঅ' বাহনখন ।

ধৃত চাকৰিৰ দালালৰ বিস্ফোৰক মন্তব্য

আনহাতে কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি ধৃত ৩ দালালৰ । ধৃত দালাল কেইটাই অভিযোগ কৰা মতে তেওঁলোকক আজিজুৰে সকলো কৰিবলৈ কৈছিল । ধৃত DTP অপাৰেটৰ জয়ন্ত দাসে সেই কথা স্বীকাৰ কৰিছে । তেওঁ উল্লেখ কৰা মতে তেওঁলোকক বলীৰ পঠা সজোৱা হ'ল ।

উল্লেখ্য যে দেওবাৰে গুৱাহাটীৰ বৰবাৰীৰ ভি আই পি পথৰ জি বি গেষ্ট হাউচৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৭ টা চাকৰিৰ দালালক (Broker detained by Dispur Police)। ধৃত দালাল কেইটা ক্ৰমে কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক, নলবাৰী গোবিন্দ চৌধুৰী, নুৰ ইচলাম আহমেদ, প্ৰাঞ্জল বৰ্মন, বশিষ্ঠৰ জয়ন্ত ডেকা আৰু গোৱালপাৰাৰ জয়ন্ত দাস । গেষ্ট হাউচৰ কোঠা ভাড়াত লৈ এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি জলসম্পদ বিভাগৰ চাকৰিৰ ভুৱা নিযুক্তিৰ বেহা চলাই আছিল ।

গেষ্ট হাউচটোৰ কোঠাতেই এই দালাল চক্ৰটোৱে প্ৰস্তুত কৰিছিল ভুৱা নিযুক্তিপত্ৰ । জলসম্পদ বিভাগৰ অস্থায়ী পদত নিযুক্তি দিয়াৰ নামত ৰফিকুল হুছেইনৰ নেতৃত্বত দালাল চক্ৰটোৱে ৰাজ্যৰ বিভিন্ন স্থানৰ লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল । চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড ৰফিকুল হুছেইন, আজিজুৰ হক আৰু কুহিৰাম ডেকা সম্প্ৰতি পলাতক ।

লগতে পঢ়ক :ভবেশ কলিতাৰ হুংকাৰে টলাব পৰা নাই জয়া কলিতাক

ABOUT THE AUTHOR

...view details